বিজ্ঞান শাখা মুকলিৰ তালিকাত নাই বিএইচবি মহাবিদ্যালয়ৰ নাম, প্ৰতিক্ৰিয়া সৰুপেটাত
বিজ্ঞান শাখা মুকলিৰ তালিকাত নাই বিএইচবি মহাবিদ্যালয়ৰ নাম
শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক চৰম অপমান
সৰুপেটাত তীব্ৰ প্ৰতিক্ৰিয়া
ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ১৬খন মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তিকৰণৰ অনুমোদনৰ তালিকাত সৰুপেটাৰ বিএইচবি মহাবিদ্যলয়ৰ নাম নথকাক লৈ বৃহত্তৰ সৰুপেটাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। উল্লেখযোগ্য যে ২০১৭ চনৰ ১০ ডিচেম্বৰত ভাৰতীয় জনতা দলৰ যুৱ মৰ্চাৰ বজালী জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ ওপজা গাঁও উজান বৰবড়ীত কেন্দ্ৰীয় ‘শ্বহীদ দিৱস’ৰ মুকলি সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি কেইবাগৰাকীও মন্ত্ৰী, উচ্চপদস্থ আমোলা-বিষয়া তথা কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতি ৰক্ষাৰ্থে শ্বহীদগৰাকীয়ে অধ্যয়ন কৰা বিএইচবি মহাবিদ্যলয়খনত বিজ্ঞান শাখা মুকলি কৰা হ’ব। জানিব পৰা মতে, মন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছত ২০১৯ বৰ্ষৰ ২৬ এপ্ৰিলত ৰাজ্যখনৰ উচ্চ শিক্ষা সঞ্চালকালয়ে মহাবিদ্যালয়খনৰ বেংক একাউণ্টযোগে ১০ লাখ টকা আদায় দিয়াৰ কথা জনাইছিল আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়াপৰ্যন্ত বিজ্ঞান অধ্যয়নৰ বাবে প্ৰয়োজনীয় পৰীক্ষাগাৰ নিৰ্মাণৰ প্ৰাথমিক কাম-কাজৰ বাবে আৱণ্টন দিয়া উক্ত ধনখিনি খৰচ কৰাত বাধা আৰোপ কৰিছিল।
আনহাতে সেই একেটা বছৰৰে ২৬ আগষ্টত উচ্চ শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা প্ৰেৰিত আন এক নিৰ্দেশনাযোগে উক্ত ধনখিনি ব্যৱহাৰত অনুমতি প্ৰদান কৰা হৈছিল। আনকি বিএইচবি মহাবিদ্যলয় কৰ্তৃপক্ষই চৰকাৰী অনুদান হিচাপে লাভ কৰা উক্ত ১০ লাখ টকাৰে বিজ্ঞান শাখাৰ বাবে প্ৰয়োজনীয় লেৱ’ৰেটৰীৰ বিভিন্ন সামগ্ৰী ক্ৰয় কৰি ইউটিলাইজেচন চাৰ্টিফিকেট চৰকাৰৰ উচ্চ শিক্ষা বিভাগত দাখিল কৰাও হৈছিল। কিন্ত ৰহস্যজনকভাৱে উক্ত মহাবিদ্যালয়খন বিজ্ঞান শাখাৰ নামভৰ্তিৰ অনুমোদনৰ পৰা বঞ্চিত হয়। ইয়াক লৈ সৰুপেটা অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক তথা বিএইচবি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ বিজন বায়নে ৰাজ্যৰ বিজেপি চৰকাৰখনে দ্বিতীয়বাৰলৈ অসম আন্দোলনৰ শ্বহীদগৰাকীক হত্যা কৰিলে বুলি মন্তব্য কৰে। যুৱ-ছাত্ৰ পৰিষদৰ সৰুপেটা আঞ্চলিক কমিটীয়ে এই কাৰ্যৰ প্ৰতিবাদত ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।