Local, Vocal, Global

শুৱালকুছিত উন্মোচন ‘শিশুৰ পূৰ্ণ বিকাশ কিদৰে সম্ভৱ?’

87

প্ৰতিগৰাকী পিতৃ-মাতৃ, সদ্য-বিবাহিত যুৱক-যুৱতী, শিক্ষক-শিক্ষয়িত্ৰী আৰু মণ্টেচৰী শিক্ষা-পদ্ধতিৰ ছাত্ৰ-ছাত্ৰী তথা কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে এখন অতি মূল্যবান হাত-পুথি : ‘শিশুৰ পূৰ্ণ বিকাশ কিদৰে সম্ভৱ?’। শুৱালকুছিৰ ঈশ্বৰ শ্ৰীশ্ৰীহাটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্ত আৰু শিশু কাব্যশ্ৰী দাসে উন্মোচন কৰে ‘শিশুৰ পূৰ্ণ বিকাশ কিদৰে সম্ভৱ?’ নামৰ হাত পুথিখন।শিশুৰ জন্ম, বিকাশ আৰু যতনৰ পৰা শিশুৰ অধিকাৰলৈকে বিভিন্ন লিখনীৰ সমাহাৰ থকা হাতপুথিখন সম্পাাদনা কৰিছে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ জ্যেষ্ঠ সহকাৰী অধ্যাপক ডঃ পৰশমনি দাসে। শিশু আৰু স্বাস্থ্য, শিশু আৰু শিক্ষা লগতে শিশু আৰু সমাজ তিনিটা শিতান সন্নিবিষ্ট পুঠিখনত ২০ গৰাকী লিখকে শিশুৰ বাবে প্ৰয়োজনীয় বহু বিষয় সন্নিবিষ্ট কৰিছে। ইতিমধ্যে এই হাতপুঠিখনে পাঠকৰ মাজত যঠেষ্ট সমাদৰ লাভ কৰিছে।