Bharat Jodo Nyay Yatra : দিল্লীস্থিত নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ মুখ্য কাৰ্যালয়ত ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ ল’গ’ আৰু শ্ল’গান উন্মোচন

নিউজ ডেস্ক, ৬জানুৱাৰী : কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ নেতৃত্বত ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ । মণিপুৰৰ পৰা আৰম্ভ কৰা পদযাত্ৰা ক্ৰমে নাগালেণ্ড হৈ প্ৰৱেশ কৰিব মেঘালয়ত। মেঘালয়ৰ পৰা ক্ৰমে অসম আৰু পশ্চিমবংগ ৷ জানুৱাৰী ১৪ তাৰিখে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰম্ভ কৰিব এই কাৰ্য্যসূচী(Bharat Jodo Nyay Yatra) ৷
শনিবাৰে অৰ্থাত আজি ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ ল’গ’ আৰু শ্ল’গান উন্মোচন কৰে । দিল্লীস্থিত নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক কাৰ্যসূচীত আজি ল’গ’ আৰু শ্ল’গান উন্মোচন কৰা হয়(Cong unveils logo, slogan of ‘Bharat Jodo Nyay Yatra’) ।
এই অনুষ্ঠানত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ আৰু সাধাৰণ সম্পাদক কে চি বেণুগোপাল উপস্থিত থাকে ৷
এইবাৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ শ্ল’গান হৈছে “ন্যায় কা হক মিলনে তক”। অনুষ্ঠানত দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে ৰাহুল গান্ধীৰ নেতৃত্বত দলে ১৪ জানুৱাৰীৰ পৰা ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ আৰম্ভ কৰিব । তেওঁৰ মতে ভাৰত জোড়ো ন্যায় যাত্ৰা হৈছে দেশৰ জনসাধাৰণক অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ন্যায় প্ৰদানৰ দিশত দলটোৰ শক্তিশালী পদক্ষেপ(Congress Unveils Logo For Rahul Gandhi’s March For Social, Political Justice) ।
ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ ১৪ জানুৱাৰীত ইম্ফলৰ পৰা আৰম্ভ হ’ব আৰু ৬,৭১৩ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব । ১০০ টা লোকসভা সমষ্টি আৰু ৩৩৭ টা বিধানসভা সমষ্টি আৰু ১১০ খন জিলাক সামৰি লোৱা হ’ব । কংগ্ৰেছৰ এই যাত্ৰা ২০ বা ২১ মাৰ্চত মুম্বাইত সমাপ্ত হ’ব বুলি জানিব পৰা গৈছে ।