Local, Vocal, Global

Bhajanlal Sharma elected as new chief minister of Rajasthan : অন্ত পৰিল জল্পনা কল্পনাৰ; ঘোষণা হ’ল ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰীৰ নাম

নিউজ ডেস্ক, ১২ ডিচেম্বৰ : বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত ঘোষণা কৰা হ’ল ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰীৰ নাম(Bhajanlal Sharma elected as new chief minister of Rajasthan) । ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী হ’ব ভজন লাল শৰ্মা হ’ব । ছাংগানেৰ সমষ্টিৰ বিধায়ক ভজন লাল শৰ্মা। ৰাজস্থান বিজেপিৰ সাধাৰণ সম্পাদক আছিল শৰ্মা। জয়পুৰত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত অন্তত চূড়ান্ত হ’ল মুখ্যমন্ত্ৰীৰ নাম(Rajasthan CM declared)।

উল্লেখ্য যে, ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰীক লৈ বহুতো জল্পনা কল্পনা চলিছিল । প্ৰশ্ন উত্থাপন হৈছিল কাৰ হাতলৈ যাব ৰাজস্থানৰ ক্ষমতা । অৱশেষত আজি বিজেপি নেতা-কৰ্মী তথা জনসাধাৰণৰ এই উৎকণ্ঠাৰ অৱসান ঘটিল(Bhajanlal Sharma Announced As The New Chief Minister Of Rajasthan By BJP) । ঘোষণা হ’ল ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰীৰ নাম9 BJP picks Bhajan Lal Sharma as CM, drops Vasundhara Raje) ।

উল্লেখ্য যে, ৩ ডিচেম্বৰ ঘোষণা হৈছিল ৰাজস্থানৰ নিৰ্বাচনী ফলাফল। কংগ্ৰেছক হৰুৱাই জয়লাভ কৰিছিল বিজেপিয়ে। কিন্তু ৰাজ্যখনত নিৰ্বাচনী ফলাফল ঘোষণা কৰা পিছতে মুখ্যমন্ত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত দেখা দিছিল বিতৰ্কই। যাৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই ৩ জন পৰ্যবেক্ষক নিযুক্তি দি মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে দায়িত্ব দিছিল।

অৱশেষত নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ ৯ দিন পাছত ঘোষণা কৰা হ’ল ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰীৰ মান ।

লগতে পঢ়ক : Vishnu Deo Sai to become new Chhattisgarh CM :অন্ত পৰিল জল্পনা কল্পনাৰ; ঘোষণা হ’ল ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ নাম