Local, Vocal, Global

ভাৰতীয় কৰ’নাযোদ্ধালৈ ইংৰাজ ক্ৰিকেটাৰৰ সন্মান,চিকিসৎকৰ টি-ছাৰ্ট পিন্ধি বেন ষ্টোকছৰ অনুশীলন

দীৰ্ঘ লকডাউনৰ পিছত উভতি আহিছে ক্ৰিকেট । আৰম্ভ হৈছে ইংলেণ্ড-ৱেষ্ট ইণ্ডিজৰ টেষ্ট শৃংখলা । কিন্ত খেল পথাৰো সম্পুৰ্ণ শংকা মুক্ত হ’ব পৰা নাই কাল কৰ’নাকলৈ ।তাৰ মাজতে  ইংলেণ্ডৰ ভাৰপ্ৰাপ্ত অধিনায়ক বেন ষ্টোকছে অনুশীলৰ সময়ত পিন্ধা এটা টি-ছাৰ্টৰ ওপৰত এতিয়া সকলোৰে চকু । সংবাদ মাধ্যমতো বিশেষভাৱে চৰ্চিত হৈছে ভাৰপ্ৰাপ্ত ইংৰাজ অধিনায়কজনৰ টি-ছাৰ্ট। ষ্টোকছৰ টি-ছাৰ্টৰ পিছফালে দেখা গৈছে ইংৰাজ অধিনায়কজনৰ নিজৰ নামৰ বিপৰীতে এজন ভাৰতীয় চিকিৎসকৰ নাম ।  চিকিৎসকজনৰ নাম  ডাঃ বিকাশ কুমাৰ । ভাৰতীয়মুলৰ এই চিকিৎসকজন হৈছে  ইংলেণ্ডৰ ৰাজহুৱা খণ্ডৰ স্বাস্থ্য সেৱা সংস্থা NATIONAL HEALTH SERVICE -ত কৰ্মৰত এজন চিকিৎসক । শেহতীয়া কৰনাসৃষ্ট সংকটৰ সময়চোৱাত ডাঃ বিকাশ কুমাৰে দিন-ৰাতি একাকাৰ কৰি কৰ্তব্যত ব্ৰতী হৈ ৰৈছে । এইজন ভাৰতীয় কৰ’না যোদ্ধাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়েই ইংৰাজ ক্ৰিকেট দলৰল অধিনায়ক গৰাকীয়ে অনুশীলনৰ সময়চোৱাত পৰিধান কৰিছে ডাঃ বিকাশ কুমাৰৰ নাম উল্লেখ থকা টি-ছাৰ্ট । উল্লেখযোগ্য যে দিল্লীৰ মৌলানা আজাদ মেডিকেল কলেজৰ পৰাই এনাস্থেচিয়াৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ডাঃ বিকাশ কুমাৰ । বেন ষ্টোকছৰ এই সন্মান পাই অভিভুত তেওঁ । সকলোৰে বাবে জতিল এই সময়ত ইংৰাজ ক্ৰিকেটাৰজনৰ এই পদক্ষেপে সকলো কৰনা যোদ্ধাক অনুপ্ৰাণিত কৰিব বুলি ডাঃ বিকাশ কুমাৰ আশাবাদী ।