Local, Vocal, Global

চি.এম চেম্পিয়নশ্বিপ ট্ৰফীৰ মেচ চাবলৈ ভৰি পৰিল বেজেৰা মিনি ষ্টেডিয়াম

নিউজ ডেস্ক: হৰদত্ত-বীৰদত্ত ক্ৰীড়া সংঘৰ উদ্যোগত বেজেৰা কেন্দ্ৰীয় যুৱক সংঘৰ সহযোগত কামৰূপ জিলাৰ বেজেৰাস্থিত মিনি ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হয় পঞ্চম বার্ষিক চি.এম. চেম্পিয়নশ্বিপ ট্ৰফী৷ খেলখন উদ্ধোধন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ লগতে উপস্থিত থাকে
মুখ্যমন্ত্রীৰ ব্যক্তিগত সহায়ক প্রাণজিৎ ডেকা৷ এই খেলখনত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা৷ এই খেলখন ফেৰেংগা ফুটবল ক্লাব (চিৰাং) আৰু বর্ণিহাত ফুটবল ক্লাৱৰ (মেঘালয়) মাজত অনুষ্ঠিত হয়৷ প্রাইজমানি ফুটবল খেলখন ফেৰেংগা ফুটবল ক্লাব (চিৰাঙে) ৪-১ গলত জয়ী হয়। আনহাতে খেল পৰিচালনাৰ সমিতিৰ মুখ্য সভাপতি দিলীপ ডেকা সম্পাদক ধ্ৰুৱ জ্যোতি বৰুৱা খেল উপভোপ কৰি দৰ্শকসকলক ধন্যবাদ জ্ঞাপন কৰে।