গৰু ছিণ্ডিকেটত খাকী পোচাকধাৰী, চিণ্ডিকেটবাহিনীৰ পৰা ধন লৈ গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান
নিউজ ডেস্ক: নগাঁৱত সংঘটিত হৈছে এই ঘটনা৷ গৰু ছিণ্ডিকেট বাহিনীৰ পৰা ধন লৈ ৰঙাঘৰত সোমাল গৃহৰক্ষী জোৱানে৷ চোৰাং গৰু সৰবৰাহৰ অন্যতম কৰিডৰ হৈ পৰিছে নগাঁও। খোদ খাকী পোচাকধাৰীয়েই জড়িত গৰুৰ চোৰাং বেহাত৷ গৰু সৰবৰাহকাৰীৰ পৰা উৎকোচ লৈ আৰক্ষীৰ হাততেই গ্ৰেপ্তাৰ গৃহৰক্ষী জোৱান মকবুল আহমেদ৷ ১ অক্টোবৰত কলিয়াবৰ আৰক্ষীয়ে মিছাত জব্দ কৰিছিল ‘ৰাঘৱ’ নামৰ এখন নৈশ বাছ। য’ত যাত্ৰীৰ পৰিৱৰ্তে আছিল ৩৪ টাকৈ গৰু৷ সেই সময়ত পলাই সাৰিছিল বাছখনৰ চালক-হেণ্ডিমেন। কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীয়ে গাড়ীখনৰ নম্বৰৰ ভিত্তিত অনুসন্ধান কৰি আটক কৰিছিল বাছখনৰ মালিক চামগুৰিৰ আখতাৰা বেগমক। কিন্তু মহিলাগৰাকী আঠমাহৰ অন্তঃসত্ত্বা হোৱাৰ বাবে আৰু আৰক্ষীক তদন্তত সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াত মহিলাগৰাকীক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছিল কলিয়াবৰ আৰক্ষীয়ে। এইখিনিলৈকে সকলো প্ৰায় ঠিকেই আছিল৷ কিন্তু হঠাতেই ওলাল ওৰহীৰ ওৰ৷ মানৱতাৰ খাতিৰত নহয়, টকাৰ লালসাতহে মহিলাগৰাকীক মুকলি কৰি দিয়া হ’ল৷ সকলো জলজলপটপট কৰিলে খোদ আৰক্ষীয়েই৷ কিয়নো সুযোগ গ্ৰহণ কৰি গৃহৰক্ষী জোৱান মকবুলে চামচুল নামৰ এটা দালালৰ সহযোগত কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু মহকুমা আৰক্ষী বিষয়াৰ নামত অভিযুক্তৰ পৰা সংগ্ৰহ কৰিছিল ৬৫ হাজাৰ টকা। অভিযোগ উঠিছিল যে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়তহে মোকলাই দিয়া হৈছিল আখতাৰা বেগমক। ঘটনাৰ তদন্তত মঙলবাৰে চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গৃহৰক্ষী জোৱান মকবুলক। ধৃত মকবুলক আজি পুনৰ নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ আনি চলোৱা হয় মাৰাথন জেৰা। প্ৰশ্ন হয়, জীৱকূলৰ প্ৰতি সদায় মৰম-স্নেহ দেখুৱাই ফটোশ্বুট কৰা মহকুমা আৰক্ষী বিষয়া আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সচাকৈয়ে মিতিৰালি আছে নেকি চোৰাং গৰু সৰবৰাহকাৰীৰ সৈতে৷ মকবুলে আৰক্ষীৰ সন্মুখত দিয়া মন্তব্য যদি সচাঁ হয় তেনেহলে অভিযুক্তৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰখনে৷ কাৰ ছত্ৰচায়াত চলিছে এই ক’লা সাম্ৰাজ্য৷ তদন্তত পোহৰলৈ আহিব নেকি আন বিষয়াৰো নাম৷ সেয়া লক্ষণীয় হ’ব৷