Local, Vocal, Global

বিদ্যুৎ বিভাগৰ হেমাহিত প্ৰাণ গ’ল এজনৰ

বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে আজি পুনৰ প্ৰাণ গ’ল এজন লোকৰ। এই ঘটনা সংঘটিত হয় বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ খাৰবাল্লীত। আজি ৰাতিপুৱা মৰাপাট খেতিত যোৱাৰ সময়ত বিদ্যুৎ পৰিবাহী তাৰ ছিঙি নুৰ হুছেইন নামৰ এগৰাকী ৪৬ বছৰীয়া লোকজনৰ ওপৰত পৰে। লোকজনৰ চিঞৰ শুনি ওচৰৰ প্ৰতিবেশী আহি উদ্ধাৰ কৰি কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও চিকিৎসকে নুৰ হুছেইনক মৃত বুলি ঘোষণা কৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও উক্ত স্থানত বিদ্যুৎ পৰিবাহী তাৰ চিঙিছিল যদিও তাঁৰ সলনি কৰি দিয়াৰ পৰিৱৰ্তে মেৰামতি কৰি দিছিল। কিন্তু আজি বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবেই লোকজনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজে। লোকজনৰ  মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে।