Local, Vocal, Global

বৰপেটাৰোডত জব্দ প্ৰায় ২০ লাখ টকাৰ ড্ৰাগ্ছ

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম আৰক্ষী। বৰপেটাৰোড আৰক্ষীয়ে দেওবাৰে নিশা ১০ বজাত শিমলুগুড়িৰ পৰা  জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ ড্ৰাগ্ছৰ লগতে নগদ ৩০ হেজাৰ টকা। ড্ৰাগ্ছৰ লগতে আটক কৰে  হাউলীৰ অমিত সাহা আৰু বৰপেটাৰোডৰ সমীপৰ আনচেৰ আলী নামৰ দুই যুৱকক৷

এ এছ০১পি-৬৮৯৩ নম্বৰৰ এখন ৰঙা মাৰুতি কাৰেৰে বৃহৎ পৰিমাণৰ ড্ৰাগ্ছখিনি বৰপেটা জিলাৰ হাউলীৰ দিশৰ পৰা বৰপেটাৰোডৰ পিনে আনি আছিল ৷ জব্দ কৰা ড্ৰাগ্ছখিনিৰ বজাৰ মূল্য প্ৰায় ২০ লাখ টকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।