Local, Vocal, Global

বৰপেটা ৰোডত কৰ’নাৰ সংহাৰ

বৰপেটা ৰোডৰ জ্যোতিনগৰত আজি একেটা পৰিয়ালৰে ৩ গৰাকীৰ ধৰা পৰিছে ক’ভিড- ১৯ পজিটিভ  ৷ বৰপেটা ৰোডৰ ৰেল ষ্টেচনৰ কৰ্মচাৰী বাবন দেউৰী, তেওঁৰ পত্নী অনামিকা দেউৰী  আৰু পুত্ৰ নীলাভ দেউৰীৰ আক্ৰান্ত হৈছে কৰ’নাত। আনহাতে বৰপেটাৰোডৰ কলহভাঙ্গাৰ ( পুৰণি ইউনিয়ন বেংকৰ কাষত) দুজন ব্যক্তিৰ শৰীৰত ক’ভিড- ১৯ পজিটিভ ধৰা পৰিছে   ৷ তেওঁলোক হৈছে- হৃষীকেশ উপাধ্যায়  আৰু তেওঁৰ পত্নী নৱনীতা উপাধ্যায়  ৷ বুধবাৰে তেওঁলোকৰ বাৰ বছৰীয়া কন্যা  হৰ্ষিতা উপধ্যাৰো  ফলাফল পজিটিভ আহে ৷ ইতিমধ্যে দুয়োটা পৰিয়ালৰ ঘৰৰ চৌহদ কন্টেইনমেন্ট জ’ন হিচাবে ঘোষণা কৰিছে প্ৰশাসনে    ৷