Local, Vocal, Global

সৰ্বকালৰ অভিলেখ ভংগ কৰিলে সোণৰ মূল্যই, কিন্তু কিয় বাঢ়িছে দাম?

সৰ্বকালৰ অভিলেখ ভংগ কৰি বৃদ্ধি সোণৰ মূল্য। ক’ভিড-১৯ৰ পৰিস্থিতিৰ মাজতে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে সোণৰ মূল্যই । বুধবাৰে অসমত ২৪ কেৰেট বিশুদ্ধতাৰ ১০ গ্ৰাম সোণৰ মূল্য ৫১,৮৬০ টকা হয়। লগতে সোণৰ ব্যৱসায়ীয়ে ব্যক্ত কৰিছে যে সোণৰ  মূল্যই এই বছৰৰ শেষলৈ ৬০ হাজাৰ টকা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে কভিড-১৯ৰ ভয়াৱহতাৰ মাজতে বৃদ্ধি পাইছিল পেট্ৰল-ডিজেলৰ মূল্য। ইয়াৰ পিছতে অভাৱনীয়ভাৱে বৃদ্ধি পালে সোণৰ মূল্য ।

অসমত বুধবাৰৰ দিনটোত সোণৰ মূল্য এনেধৰণ-

  • ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য GSTসহ  ৫১,৮৬০ টকা, GST বাদ দি এই মূল্য ৫০,৩৫০ টকা
  • ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য GSTসহ ৫০,৩০৫ টকা
  • ১৮ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ৪৫,১২০ টকা
  • ১৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য GST ৩৪,৬৫০ টকা

কি কাৰণে বাঢ়িছে দাম?

ইণ্ডিয়ান বুলিয়েন জুৱেলাৰ্ছ এছ’চিয়েচন লিমিটেডে জানিবলৈ দিয়া অনুসৰি বিশ্বজুৰি অব্যাহত থকা ক’ভিড-১৯ৰ পৰিস্থিতিৰ মাজতে বিভিন্ন দেশে তেওঁলোকৰ গ’ল্ড ৰিজাৰ্ভ বঢ়াবলৈ চেষ্টা অব্যাহত ৰখাৰ বাবেই সোণৰ মূল্য এনেদৰে আকাশলংঘী হৈছে।আৰু আশংকা কৰিছে যে সোণৰ মূল্য ৬০হাজাৰ টকাৰ ঘৰ অতিক্ৰম কৰিব ।

সোণৰ দাম প্ৰতিবছৰে ৮-৯ শতাংশ বৃদ্ধি পাই আহিছে কিন্তু শেহতীয়াকৈ বিশ্বৰ বহু দেশে তেওঁলোকৰ গ’ল্ড ৰিজাৰ্ভ বঢ়াবলৈ সোণ ক্ৰয় কৰিছে। সেইবাবেই সোণৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। যদিহে এই ধাৰা অব্যাহত থাকে এই বছৰতে সোণৰ মূল্যই ৬০ হাজাৰ টকা অতিক্ৰম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।