Local, Vocal, Global

বোকাজানত যাত্ৰীবাহী বাছৰ পৰা নিষিদ্ধ হেৰ’ইন উদ্ধাৰ

নিউজ ডেস্ক, ২৪ মাৰ্চঃ বোকাজান আৰক্ষীৰ বৃহৎ সাফল্য। বোকাজানৰ খটখটী আৰক্ষীৰ নাকা তালাচীত যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ কৰে নিষিদ্ধ হেৰ’ইন।

এই অভিযানত আৰক্ষীয়ে আটক কৰে মহিলা সৰবৰাহকাৰী মমতাজ বেগমক। আটকাধীন মমতাজ বেগমৰ ঘৰ নগাঁৱৰ উলুৱনীত বুলি জানিব পৰা গৈছে।

ডিমাপুৰৰ পৰা তেজপুৰ অভিমুখী AS01AC2506 নম্বৰৰ বাছখনৰ যাত্ৰী মমতাজ বেগমে ৫ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল। ইয়াৰপিছতেই খটখটী আৰক্ষীয়ে ৬১.৩৯ গ্ৰাম জব্দ কৰিবলৈ সক্ষম হয়।