Local, Vocal, Global

আৰ্থিক সংকটত বজালীৰ ওজাপালি আৰু বেণ্ড পাৰ্টীৰ শিল্পী

আৰ্থিক সংকটত বজালীৰ ওজাপালি আৰু বেণ্ড পাৰ্টীৰ শিল্পী । বিচাৰিছে ৰাজ্য চৰকাৰৰ সহায় ।

কোভিড সৃষ্ট পৰিৱেশৰ বাবে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ওজাপালি শিল্পীৰ লগতে বেণ্ড পাৰ্টীৰ শিল্পী সকল।বিয়া সবাহত সুৰৰ মূৰ্ছনাৰে সমগ্ৰ পৰিবেশটোকেই সজীৱ কৰি তোলা ” বেণ্ড পাৰ্টী” ৰ শিল্পী সকলৰ সন্মুখত মিনি লক ডাউনৰ পৰিপ্ৰেক্ষিতত আহি পৰিছে প্ৰত্যাহ্বান।একেদৰে  পূজা-পাতল আদি অনুষ্ঠান বন্ধ হৈ থকা বাবে ওজাপালি  শিল্পী সকলৰো পানীত হাঁহ নচৰা অৱস্হা।কাৰণ এই বোৰ কৃষ্টি পৰিবেশনৰ বাবে যি পৰিবেশৰ প্ৰয়োজন, সেয়া বন্ধ। ঠিক একেদৰে বজালীৰ  পশ্চিম কঠালমুৰীৰ সুশীল কৈৱৰ্ত নেতৃত্বাধীন বন্তী বেণ্ড পাৰ্টী শিল্পী সকলৰো অৱস্হা তথৈবচ।

বিবাহ অনুষ্ঠান সকলো বন্ধ,দিন হাজিৰা কৰিবলৈও নামাতে কোনোৱে।যাৰ বাবে পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে শিল্পীসকল। ইপিনে বজালীৰ টেপট্তাৰীৰ লোহিত ৰয়ৰ ওজাপালিৰ দলো এই মিনি লকডাউনৰ সময়ত আৰ্থিক ভাবে যথেষ্ট অসুবিধাৰ সমুখীন হৈছে।পূজা পাতল অনুষ্ঠানত ওজা  পৰিবেশন কৰি কোনোমতে পৰিয়াল পোহপাল দিছিল তেওঁ লোকে।

এনে জটিল পৰিস্থিতিৰ সময়ত এতিয়া কেনেদৰে পৰিয়াল পোহপাল দিব তাক লৈ চিন্তিত এইসকল  শিল্পীসকল। কেতিয়া তেওঁ লোকে আগৰ দৰে অনুষ্ঠান পৰিবেশন কৰিব তাৰ আশাতেই যেন বন্দী হৈ আছে শিল্পী সকল।বছৰ বছৰ ধৰি এই কৃষ্টি সংস্কৃতি ধৰি ৰখা এই লোক শিল্পী সকলে এতিয়া অকণমান সহায় বিচাৰিছে নৱগঠিত চৰকাৰৰ।