১৮ সংখ্যক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ শিতানলৈ নিৰ্বাচিত ‘বেলকনিত ভগৱান’

১৮ সংখ্যক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ শিতানলৈ নিৰ্বাচিত ‘বেলকনিত ভগৱান’
বিশ্বৰ বিভিন্ন মৰ্যাদাসম্পন্ন চলচ্চিত্ৰ মহোৎসৱত বহুলভাৱে চৰ্চা লাভ কৰা ‘বেলকনিত ভগৱান’ নামৰ অসমীয়া চলচ্চিত্ৰখনে
লাভ কৰিছে বিৰল সন্মান। অহা ২১- ২৫ জুলাইত জাৰ্মানিত অনুষ্ঠিত হ’ব লগা ১৮ সংখ্যক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ,ষ্টুটৰ্গাটে ‘স্কুল ফিল্ম অব দা ইয়েৰ’ ৰূপে অসমৰ ‘বেলকনিত ভগৱান’ নামৰ চলচ্চিত্ৰ খনক নিৰ্বাচিত কৰিছে।
ভাৰতৰ প্ৰায় ৪০খনৰো অধিক ছবিৰ মাজৰ পৰা ‘বেলকনিত ভগৱান’ নামৰ ছবিখনক এই সন্মান প্ৰদান কৰে। ভাৰতৰ অৰ্থনীতি, সামাজিক আৰু ৰাজনৈতিক দিশক প্ৰতিফলিত কৰা এই চলচ্চিত্ৰ খনক সন্মান দিয়া হয়।