Local, Vocal, Global

ৰিজাল্ট আনিবলৈ গৈ সন্ধানহীন মাতৃ-পুত্ৰ

তেজপুৰৰ গুৰুকুলৰ পৰা পুত্ৰৰ ৰিজাল্ট আনিবলৈ গৈ সন্ধানহীন মাতৃ-পুত্ৰ। বিগত এশ দিনে সন্ধানহীন কলিয়াবৰৰ এগৰাকী বোৱাৰী।সাত বছৰীয়া পুত্ৰ আৰু পত্নীক বিচাৰি অসহায় হৈ পৰিছে স্বামী।

পদুলিমুখত ৰৈ আছে এগৰাকী বৃদ্ধা। চকুত চকুপানী। কিজানিবা উভতি আহেই তেওঁৰ মৰমৰ মন। বিগত এশ দিনে সন্ধান নাই তেওঁৰ বোৱাৰী কবিতা দাস বৰদলৈ আৰু মৰমৰ নাতিনীয়েক মৃগাংক বৰদলৈ। যোৱা ২৩ মাৰ্চত পুত্ৰৰ ৰিজাল্টৰ খবৰ ল’বলৈ ঘৰৰ পৰা ওলাই আহে কবিতা দাস বৰদলৈ। লগত তেজপুৰ গুৰুকুলৰ দ্বিতীয় মানৰ পুত্ৰ মৃগাংক বৰদলৈ। সেই যে ওলাই আহিল আজিলৈকে উভতি নাহিল দুয়ো।

উল্লেখযোগ্য যে ২০১২ চনৰ ৮ ডিচেম্বৰত তেজপুৰ চানমাৰিৰ কবিতা দাসৰ লগত প্ৰেম বিবাহ হৈছিল কলিয়াবৰৰ মিলন বৰদলৈৰ। দুয়োৰে সংসাৰ সুখেৰেই চলিছিল। কিন্তু যোৱা তিনিটা বছৰে চাকৰি সূত্ৰে তেজপুৰৰ পিতৃ গৃহতে থাকিবলৈ লয় কবিতা বৰদলৈয়ে। আনহাতেদি পুত্ৰকো তেজপুৰৰ এখন আগশাৰী বিদ্যালয় গুৰুকুলতে নাম লগাই দিয়ে। সপ্তাহৰ মূৰে মূৰে স্বামীৰ ঘৰলৈ আহি থাকে কবিতা দাস বৰদলৈ।

যোৱা ২৮ মাৰ্চত কলিয়াবৰৰ স্বামী গৃহলৈ একেবাৰে অহাৰ কথা আছিল কবিতাৰ। কিন্তু ২৩ মাৰ্চত হঠাৎ নিৰুদ্দেশ হোৱাত এতিয়া চিন্তিত হৈ পৰিছে স্বামী মিলন বৰদলৈৰ লগতে বৃদ্ধ মাতৃও। ইতিমধ্যে তেজপুৰৰ সদৰ আৰক্ষী চকীত নিৰুদ্দেশ হোৱাৰ পিছদিনাই এখন এজাহাৰ দিয়ে যদিও কোনোধৰণৰ শুং সূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়েও। উপায়ন্তৰ হৈ মিনল বৰদলৈয়ে ফেচবুকতে দিলে এটা পোষ্ট। আনহাতেদি নাতিনীৰ কথা মনত পেলাই এতিয়া চকুলো টুকিছে বৃদ্ধা আইতাৱকে।