Local, Vocal, Global

বাইহাটাত নিৰ্মাণৰ ২৪ ঘণ্টাৰ পিচতে চকলা চকলে এৰিছে ব্লেক টপিং

বাইহাটা চাৰিআলিত গড়কাপ্তানী পথ নিৰ্মাণত ব্যপক খেলি-মেলি । নিম্নমানৰ কাম কৰি ধন আত্মসাতৰ ফন্দি ঠিকাদাৰ আৰু বিষয়া কৰ্মচাৰীৰ । বাইহাটা চাৰিআলিৰ কৰৰাৰ পৰা ঐতিহাসিক পিঙ্গলেশ্বৰ দেৱালয়লৈ যোৱা পথটি নিৰ্মাণৰ ২৪ ঘণ্টাৰ পিচতে চকলা চকলে এৰিছে ব্লেক টপিং । গড়কাপ্তানি বিভাগৰ কমলপুৰ ক্ষেত্ৰীয় উপ -পথ সংমণ্ডলৰ অন্তৰ্গত এই পথটিৰ পুন নিৰ্মানৰ দ্বায়িত লাভ কৰিছিল জনৈক আৰিফ আহমেদ নামৰ ঠিকদাৰ গৰাকীয়ে । নিশাৰ ভিতৰতে পথটিৰ নিৰ্মানৰ কাম সম্পূৰ্ন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । যাৰ বাবে বিভাগৰে ৰোলাৰ গাড়ীখন চলি যোৱাৰ পিচতে এইদৰে চকলা চকলে পথটিৰ ব্লেক টপিং এৰি যোৱাৰ অভিযোগ আনে স্থানীয় ৰাইজে । আনফালে গড়কাপ্তানী বিভাগৰ বিষয়াগৰাকীয়ে পথটিৰ পুনৰ নিৰ্মানত কোনো ধৰনৰ বিসংগতি হোৱা নাই বুলি  দৃঢ়তাৰে কৈ দিয়ে সাংবাদিকৰ কেমেৰাৰ সন্মুখত। আানকি পথ নিৰ্মানৰ সময়ত বিষয়া গৰাকীৰ লগত সাংবাদিক সকলক যোৱাৰহে আহ্বান জনাই বিষয়া গৰাকীয়ে ।