Local, Vocal, Global

বাঘজানৰ ক্ষতিগ্ৰস্ত ১১ টা পৰিয়ালক ২০ লাখ টকাকৈ চেক প্ৰদান অইল ইণ্ডিয়াৰ

বৰ্তমানেও জ্বলি আছে বাঘজানৰ অভিশপ্ত বি জি আৰ ৫ নং তৈল খাদৰ জুই। বৰ্তমানেও শিৱিৰত বহুতো পৰিয়াল। কিন্তু বাঘজানৰ ভয়ংকৰ অগ্নিকাণ্ডত সমস্ত হেৰুৱা ১১ টা পৰিয়াললৈ কিছু আশাৰ বতৰা কঢ়িয়াই আনিছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ।

বাঘজানত অইলৰ বি জি আৰ ৫ নং তেল খাদৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ১১ টা পৰিয়ালক ২০ লাখকৈ টকাৰ চেক প্ৰদান কৰে অইল ইণ্ডিয়া কৰ্তৃপক্ষই। বাঘজান ৫নং তৈলখাদত ৯ জুনত গেছ নিৰ্গত হৈ ২৭ জুনত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কাষৰীয়া কেইবাটাও বাসগৃহ জুইত জাহ যোৱাৰ লগতে জুইয়ে আগুৰি ধৰিছিল এক বৃহৎ অঞ্চল। অগ্নিকুণ্ডক পৰিণত হোৱা বাঘজানৰ অভিশপ্ত জুইকুৰাই প্ৰাণ কাঢ়িছিল দুজনকৈ অইল কৰ্মচাৰীৰ ৷

 

বাঘজানৰ ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক আপতকালীনভাৱে ৩০ হাজাৰকৈ টকা এককালীন সাহায্য আগবঢ়োৱাৰ পিছত বাঘজানবাসীৰ দাবীত আজি পুনৰ ১১ টা পৰিয়ালক  প্ৰদান কৰে ২০ লাখকৈ আৰ্থিক সাহায্য প্ৰদান কৰে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ৷ শনিবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ শ্ৰমমন্ত্ৰী সঞ্জয় কৃষানৰ উপস্থিতিত চেক প্ৰদান কৰে অইল ইণ্ডিয়াই। জিলা উপায়ুক্ত ভাস্কৰ পেগু, জিলা আৰক্ষী অধীক্ষক আই পি এছ শিলাদিত্য চেতিয়া, ডুমডুমাৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে বাঘজানৰ চৰকাৰী গাঁওবুঢ়া লগতো অইল ইণ্ডিয়াৰ বহুতো উচ্চপদস্থ বিষয়া উপস্থিত থাকে চেক প্ৰদান অনুষ্ঠানত ।