Local, Vocal, Global

বিশ্ব ক্ৰিকেটৰ নতুন সংস্কৰণ SOLIDARITY CUP

দক্ষিণ আফ্ৰিকাত আজিৰে পৰা নতুন ৰূপত পৰিলক্ষিত হ’ব ক্ৰিকেট। দক্ষিণ আফ্ৰিকা ক্ৰিকেট ব’ৰ্ডে উদ্ভাৱন কৰিছে ক্ৰিকেটৰ এই নতুন সংস্কৰণ SOLIDARITY CUP.


নতুন ফৰ্মেটৰ এই ক্ৰিকেট খেল ৩ টা দলৰ মাজত অনুষ্ঠিত হব।প্ৰতিটো দলত ৮ জনকৈ খেলুৱৈ থাকিবলগীয়া এই নতুন পদ্ধতিৰ ক্ৰিকেটত থাকিব ৩৬ অভাৰ। আজি দক্ষিণ আফ্ৰিকাৰ চেঞ্চুৰিয়ানত অনুষ্ঠিত হ’ব এই বিশেষ ক্ৰিকেট।
দক্ষিণ আফ্ৰিকাৰ তিনিগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰৰ নামত গঠিত এই তিনিটা দল । এ বি ডিভিলয়াৰ্ছৰ নামত গঠিত দলটোৰ নাম এ বি’ছ ঈগলছ, কুইণ্টন ডি ক’কৰ নামত কুইনি’ছ কাইটছ আৰু কাগিছ’ ৰাবাডাৰ দলটোৰ নাম ৰখা হৈছে কে জি’ছ কিংফিচাৰছ। কোভিড -১৯ ৰ সাৱধানতাবোৰৰ সৈতে এই মেচসমূহ অনুষ্ঠিত হ’ব।