Local, Vocal, Global

ৰিতা দেৱী অৱশেষত পৰিয়ালৰ কাষত

ডিগবৈৰ কালিবাৰীৰ  ৭০ উৰ্ধৰ বৃদ্ধা অৱশেষত পৰিয়ালৰ কাষত

সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে কুৰি বছৰ অঘৰী জীৱন কটাই অৱশেষত পৰিয়ালৰ কাষত ডিগবৈৰ ৰিতা দেৱী

এয়া হৈছে তিনিচুকীয়া জিলাৰ ডিগবৈৰ কালিবাৰীৰ এগৰাকী ৭০বছৰ উৰ্ধৰ আইতা ৰিতা দেৱীৰ জীৱন গাঠা।কুৰি বছৰ ধৰি নিজ পৰিয়ালৰ পৰা আতৰি কালিবাৰীৰ অইলৰ পুৰণি আৱাস গৃহৰ জৰাজীৰ্ণ বাৰাণ্ডাত বাস কৰি আছিল ৰিতা দেৱী।ৰ’দ বৰষুণক নেওচি আই অ চিৰ আবাসগৃহৰ বাৰাণ্ডাত জীৱন নিৰ্বাহ কৰি আছিল আইতাই ।

আইতাৰ জীৱন কাহিনীৰ বাতৰি সম্প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত।বাতৰি লাভ কৰিয়ে আইতা গৰাকীৰ কাষত থিয় দিছিলহি তিনিচুকীয়াৰ ৱাৰছ নামৰ এটা বেচৰকাৰী সংস্থাৰ মহিলাৰ দল।মহিলাৰ দলটোৱে আইতা গৰাকীৰ আত্মিক অনুসন্ধান কৰি অৱশেষত পৰিয়ালৰ হাতত গতাই দিয়ে।কুৰি বছৰ অঘৰী জীৱন কটাই ৰিতা দেৱী এতিয়া নিজ পৰিয়ালৰ কাষত।ৱাৰছ নামৰ সংস্থাটোৱে ডিগবৈ আৰক্ষীৰ সহযোগত পৰিয়ালৰ হাতত গতাই দিয়ে ৭০ উৰ্ধৰ আইতাক।