Watch | Atul Bora : টীয়কৰ মেলেং কাঠ গাঁৱত অন্নপুৰ্ণা চিড লাইব্ৰেৰীৰ পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ
টিয়ক : অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰায় ৫০০ জাতৰ ধানৰ বীজ সংৰক্ষণ কৰি এক ব্যতিক্ৰমী পৰিকল্পনা ৰূপায়ণ কৰিছে যোৰহাটৰ মেলেং কাঠ গাঁৱৰ উপান্ত কৃষক মহান চন্দ্ৰ বৰাই। কোনো আনুষ্ঠানিক কৃষি শিক্ষা নথকা মহান চন্দ্ৰ বৰাই গঢ়ি তোলা অন্নপুৰ্ণা চিড লাইব্ৰেৰী আজিৰ দিনত কৃষি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষণাসন্ধানীসকলৰ বাবে জ্ঞানৰ এক ভঁৰাল হিচাপে পৰিগণিত হৈছে।এই চিড লাইব্ৰেৰীত সংৰক্ষিত ৫০০ৰো অধিক দেশি আৰু স্থানীয় ধানৰ বীজ বিভিন্ন কৃষি পদ্ধতিৰ গৱেষণাৰ ক্ষেত্ৰত অপূৰ্ব সম্পদ হিচাপে বিবেচিত হৈছে।
আজি এই গৰ্বিত উদ্যোগটো পৰিদৰ্শন কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই। পৰিদৰ্শনকালত মন্ত্ৰীজনই মহান চন্দ্ৰ বৰুৱাৰ এই উদ্যোগক গভীৰভাবে প্ৰশংসা কৰি কয়— “এই ধৰণৰ উদ্যোগই অসমীয়া কৃষিৰ ভৱিষ্যৎ দৃঢ় কৰিব।”
কৃষিমন্ত্ৰীজনৰ মতে, চৰকাৰে অন্নপুৰ্ণা চিড লাইব্ৰেৰীৰ দৰে উদ্যোগসমূহক উৎসাহিত কৰি আগবঢ়াব। লগতে তেওঁ স্থানীয় কৃষকসকলৰ মাজত বীজ সংৰক্ষণ আৰু দেশীয় জাতি উদ্ধাৰৰ ক্ষেত্ৰত সহায়ৰ আশ্বাস দিয়ে।