Local, Vocal, Global

Artificial Flood in Digboi : কৃত্ৰিম বানে জীয়াতু ভোগাইছে ডিগবৈৰ ৰাইজক

ডিগবৈ, ১০জুন : ৰাজ্যৰ ভিন্ন স্থানত অব্যাহত মুষলধাৰ বৰষুণ! ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ । কৃত্ৰিম বানে জীয়াতু ভোগাইছে ৰাইজক(Artificial Flood in Digboi) ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিচতেই ৰাজ্যৰ ভিন্ন স্থানত অব্যাহত আছে মুষলধাৰ বৰষুণ। ঠায়ে ঠায়ে সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ। এইবাৰ এজাক বৰষুণতেই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ডিগবৈত।

পুৱা অহা এজাক বৰষুণতে ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি হৈছে ডিগবৈত। ডিগবৈৰ লাচিত নগৰ, যশোদা হল তিনিআলি, নেপালি বিষ্ণু মন্দিৰ, আনন্দপাৰা অঞ্চলৰ ঘৰ, বাৰী ,পথ সকলোতে পানীৰে উপচি পৰাৰ পৰিলক্ষিত হয়। কৃত্ৰিম বানত হাহাকাৰ ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ জনতাৰ। কাণসাৰ নাই ডিগবৈ পৌৰ সভাৰ। এতিয়া সাধাৰণ জনতাৰ প্ৰশ্ন কিয় বাট পথ নলা নদমাত গুৰুত্ব নিদিয়ে ডিগবৈ পৌৰ সভাই।

লগতে পঢ়ক : Attack On Manipur Chief Ministers Convoy : মণিপুৰত মুখ্যমন্ত্ৰীৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ;আহত নিৰাপত্তাৰক্ষী