Local, Vocal, Global

Atiq Ashraf murder case : আতিক আহমেদৰ হত্যাকাণ্ডৰ ২৪ আগষ্টত হ’ব পৰৱৰ্তী শুনানি

নেশ্যনেল ডেস্ক, ১৭ আগষ্ট : চৰ্চাত আছে আতিক আহমেদৰ হত্যাকাণ্ডৰ ঘটনা (Atiq Ashraf murder case) ৷ প্ৰাক্তন সাংসদ তথা মাফিয়া আতিক আহমেদ আৰু তেওঁৰ ভাতৃ প্ৰাক্তন বিধায়ক খালিদ আজিম ওৰফে আশ্ৰাফক গুলীয়াই হত্যা কৰা হৈছিল (Atiq-Ashraf murder case) ৷ এই হত্যাকাণ্ডৰ সৈতে জড়িত তিনিজন লোকক আটক কৰা হৈছিল ৷

আতিক আহমেদৰ হত্যাকাণ্ড বুধবাৰে তিনি অভিযুক্তত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জিলা আদালতত হাজিৰ কৰোৱা হয় । প্ৰতাপগড় কাৰাগাৰত দাখিল কৰা অভিযুক্ত তিনি গুলীচালনাকাৰীৰ বিৰুদ্ধে আদালতত যুক্তি-তৰ্ক কৰিব লাগিছিল যদিও আদালতত অভিযোগ প্ৰক্ৰিয়া আগ নাবাঢ়ে ৷ আনহাতে শুনানিৰ বাবে পৰৱৰ্তী ২৪ আগষ্টৰ দিনটো নিৰ্ধাৰণ কৰা হয় ।

উল্লেখ্য চলিত বৰ্ষৰ ১৫ এপ্ৰিলত আতিক আশ্ৰাফ আৰু তেওঁৰ ভাতৃ প্ৰাক্তন বিধায়ক খালিদ আজিমক গুলীয়াই হত্যা কৰা হৈছিল । সকলোৰে জ্ঞাত যে, ১৫ এপ্ৰিলৰ দিনা আতিক আশ্ৰাফ আৰু খালিদ আজিম- দুয়োকে আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে শ্বাহগঞ্জ অঞ্চলৰ মতিলাল নেহৰু কলভিন হস্পতাললৈ লৈ গৈছিল । চিকিৎসালয়ত প্ৰৱেশ কৰাৰ সময়ত সংবাদ মাধ্যমৰ বেশত অহা তিনি যুৱকে আতিক আৰু আশ্ৰাফক গুলীয়াই হত্যা কৰিছিল ।

তাৰ পাছতে গুলীচালনা কৰা তিনি অভিযুক্তই অস্ত্ৰ-শস্ত্ৰ পেলাই আত্মসমৰ্পণ কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে তিনিও গুলীচালনাকাৰীক আটক কৰি জেললৈ প্ৰেৰণ কৰে । ঘটনাৰ দুদিন পিছতে নাইনী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা প্ৰতাপগড় কাৰাগাৰলৈ বদলি কৰা হয় অভিযুক্ত তিনিক । পিছৰ পৰ্যায়ত তিনিও অভিযুক্তক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰা হয় ।

উল্লেখযোগ্য যে ১০ আগষ্টৰ দিনা এই গুলীচালনাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ’ব লাগিছিল । কিন্তু উক্ত দিনা শ্বুটাৰ কেইটাৰ হৈ কোনো অধিবক্তা হাজিৰ নোহোৱাত আদালতৰ পৰা আৰু অধিক সময় বিচৰা হৈছিল ৷ ইয়াৰ পাছত আদালতে ১৬ আগষ্টৰ তাৰিখটো নিৰ্ধাৰণ কৰিছিল । সেই মৰ্মে বুধবাৰে আদালতত জাৰিৰ কৰা হয় তিনি অভিযুক্তক । তিনি অভিযুক্তৰ হৈ আদালতত প্ৰতিনিধিত্ব কৰে গৌৰৱ সিং নামৰ এজন অধিবক্তাই । পৰৱৰ্তীত আতিক আহমেদৰ হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত তিনি শ্বুটাৰৰ গোচৰ সন্দৰ্ভত শুনানি দিবলৈ আদালতে ২৪ আগষ্টৰ দিনটো ধাৰ্য কৰা হৈছে ।

লগতে পঢ়ক : Indrani Tahbildar Death Case : ইন্দ্ৰাণী তহবিলদাৰ মৃত্যুক লৈ বিস্ফোৰক মন্তব্য ভিক্টৰ দাসৰ