Local, Vocal, Global

Chile’s former President Sebastian Pinera dies in helicopter crash : বিমান দুৰ্ঘটনাত মৃত্যু চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ ফেব্ৰুৱাৰী : চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ মৃত্য়ু । বিমান দুৰ্ঘটনাত মৃত্যু চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ৷

চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চেবাষ্টিয়ান পিনেৰাৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতি অনুসৰি মঙলবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।মঙলবাৰে বিয়লি চিলিৰ দক্ষিণ অংশত সংঘটিত হোৱা এক হেলিকপ্টাৰ দুৰ্ঘটনাত পিনেৰাৰ মৃত্যু ঘটে বুলি জনায়(Chile’s former President Sebastian Pinera dies in helicopter crash) ।

পিনেৰাৰ কাৰ্যালয়ৰ এক বিবৃতি অনুসৰি , ‘আমি গভীৰ দুখৰ সৈতে চিলি গণৰাজ্যৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুৰ কথা ঘোষণা কৰিছো ৷ ৭৪ বছৰীয়া পিনেৰাৰ মৃত্যু চেণ্টিয়াগোৰ পৰা প্ৰায় ৯২০ কিলোমিটাৰ (৫৭০ মাইল) দক্ষিণে থকা আমোদ-প্ৰমোদৰ স্থান লাগো ৰেংকোত হয়(Chile Ex-President Sebastian Pinera Dies In Helicopter Crash)।

চৰকাৰৰ জৰুৰীকালীন সংস্থা সেনাপ্ৰেডে জানিবলৈ দিয়া অনুসৰি দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখনত চাৰিজন লোক আছিল । ইয়াৰে তিনিজন আঘাতপ্ৰাপ্ত হোৱা বুলি সংস্থাটোৱে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Pakistan explosions : নিৰ্বাচনৰ এদিন পূৰ্বে পাকিস্তানত ধাৰাবাহিক বোমা বিস্ফোৰণ; নিহত ২৪জন, আহত কেইবাজনো