Local, Vocal, Global

Bangladesh Foreign Minister Hasan Mahmud arrives in Delhi : বুধবাৰে নতুন দিল্লীত উপস্থিত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী হাছান মাহমুদ

নেশ্যনেল ডেস্ক, ৭ ফেব্ৰুৱাৰী : আজি নতুন দিল্লীত উপস্থিত হয় বাংলাদেশৰ বৈদেশিক মন্ত্ৰী হাছান মাহমুদ ।বাংলাদেশৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ এইবাৰ প্ৰথম ভাৰত ভ্ৰমণ । বাংলাদেশৰ বৈদেশিক মন্ত্ৰীগৰাকীক ভাৰত ভ্ৰমণৰ প্ৰথমটো আনুষ্ঠানিক ভ্ৰমণত আদৰণি জনোৱা হয়(Bangladesh Foreign Minister Hasan Mahmud arrives in Delhi) ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছৱালে X যোগেদি এই কথা সদৰী কৰে ।

ৰণধীৰ জয়ছৱালে X এক পোষ্টৰ জড়িয়তে লিখে, এই ভ্ৰমণে ভাৰত আৰু বাংলাদেশৰ মাজত শক্তিশালী অংশীদাৰিত্বক আৰু অধিক গতি প্ৰদান কৰিব । লগতে তেওঁ কয়, ‘‘বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ আমন্ত্ৰণত মাহমুদে ভাৰত ভ্ৰমণ কৰিছে’’ ৷

ঐতিহাসিক বিজয়ৰ পিচত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নতুন চৰকাৰৰ শপত গ্ৰহণ কৰাৰ পিচত মাহমুদৰ এয়া প্ৰথমটো বিদেশ ভ্ৰমণ । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, ‘‘মাহমুদৰ ভাৰত ভ্ৰমণৰ ফলত দুয়োখন দেশে তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত অধিক গুৰুত্ব আৰু অগ্ৰাধিকাৰ দিয়া প্ৰতিফলিত হৈছে’’(Bangladesh Foreign Minister Hasan Mahmud arrives in Delhi on first official visit to India) ।

৭-৯ ফেব্ৰুৱাৰীৰ দেশ ভ্ৰমণৰ সময়ত বাংলাদেশৰ মন্ত্ৰী হাছান মাহমুদে জয়শংকৰক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হ’ব ৷ য’ত তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্কৰ বিস্তৃত পৰিসৰৰ অগ্ৰগতি পৰ্যালোচনা কৰিব আৰু ভৱিষ্যতে যোগাযোগৰ বাবে এক কাৰ্যসূচী ৰচনা কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উমৈহতীয়া স্বাৰ্থৰ উপ-আঞ্চলিক, আঞ্চলিক আৰু বহুপক্ষীয় বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰিব বুলি জানিব পৰা গৈছে ।

চলিত বৰ্ষৰ জানুৱাৰী মাহৰ আৰম্ভণিতে যুগাণ্ডাৰ কাম্পালাত অনুষ্ঠিত হোৱা গোটনিৰপেক্ষ আন্দোলনৰ(ANAM) সন্মিলনৰ আঁৰত জয়শংকৰে বাংলাদেশৰ সমকক্ষ মাহমুদক সাক্ষাৎ কৰিছিল । মাহমুদে কয় যে ভাৰত-বাংলাদেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে জয়শংকৰৰ সৈতে তেওঁৰ গুৰুত্বপূৰ্ণ আলোচনা হৈছিল ।

লগতে পঢ়ক : SI Junmoni Rabha’S Mother Reacted to CBI charge sheet :”মোৰ আজি ভাষা নাই ক’বলৈ । মই মানি ল’ব নোৱাৰো CBI য়ে যি কৈছে – জোনমণি ৰাভা মাতৃ