Local, Vocal, Global

মাকুমত আছুৰ প্ৰতিবাদী কাৰ্যসূচী

ৰাজ্যত এতিয়া এফালে যদি ক’ৰনাৰ আতংক ,আনফালে আকৌ আপদীয়া বানৰ তাণ্ডৱ ৷ বান আৰু লকডাউনৰ কাৰণে জনতাৰ মাজত সৃষ্টি হৈছে পানীত হাঁহ নচৰা অৱস্থাৰ ৷ তেনে সময়তে জনতাৰ মূৰত ৰামটাঙোণ শোধাই এতিয়া ৰাজ্যত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে  ইটোৰ পিছত সিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। মূল্যবৃদ্ধিৰ প্ৰতিবাদত মাকুমত আছুয়ে প্ৰতিবাদীয়ে কাৰ্যসূচী ৰূপায়ণ কৰে ।  মাকুম আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী তোলে।