Local, Vocal, Global

পঞ্চদশ অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিন নির্বাচিত হয়

পঞ্চদশ অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিন নির্বাচিত হয়৷ সোমবাৰে সদনত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উপাধ্যক্ষ হিচাপে ডাঃ মমিন নির্বাচিত হোৱা বুলি ঘোষণা কৰে৷উল্লেখ্য যে উপাধ্যক্ষ পদৰ বাবে ডাঃ মমিনৰ সমর্থনত মুঠ তিনিখন মনোনয়ন দাখিল হয়৷ এখন মনোনয়নত বিজেপিৰ ৰাজ্যিক সভাপতি তথা মন্ত্রী ৰঞ্জিত দাসে প্রস্তাৱক আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্বাক্ষৰ কৰে৷ আন দুখন মনোনয়নত অগপৰ অতুল বৰা প্রস্তাৱক, কেশৱ মহন্ত সমর্থক, ইউ পি পি এলৰ উর্খাও গৌৰা ব্রহ্ম প্রস্তাৱক, লৰেঞ্চ ইছলাৰীয়ে সমর্থক হিচাপে স্বাক্ষৰ কৰে৷ ডাঃ মমিনৰ বাহিৰে উপাধ্যক্ষ পদৰ বাবে আন কোনো মনোনয়ন দাখিল নোহোৱাৰ পৰিপ্রেক্ষিতত অধ্যক্ষ দৈমাৰীয়ে তেওঁক নির্বাচিত হোৱা বুলি ঘোষণা কৰে৷মুখ্যমন্ত্রী ড০ শর্মাই উপাধ্যক্ষগৰাকীক আদৰণি জনাই কয় যে এইবাৰ বিধানসভাত অধ্যক্ষ আৰু উপাধ্যক্ষ দুয়োগৰাকী জনজাতীয় সম্প্রদায়ৰ৷ অসম বিধানসভাত ই এক বিৰল দৃশ্য৷ অসমৰ জাতীয় জীৱনলৈ ই এক সুন্দৰ বার্তা কঢ়িয়াই আনিব৷ সেইদৰে উপাধ্যক্ষ ডাঃ মমিনে তেওঁৰ চমু ভাষণত কয় যে তেওঁ নিষ্ঠা সহকাৰে উপাধ্যক্ষৰ দায়িত্ব পালন কৰিব৷