Local, Vocal, Global

Assembly Elections 2023 : ৫খন ৰাজ্যত চৰকাৰ গঠন কৰিব কংগ্ৰেছে

নেশ্যনেল ডেস্ক, ২৫অক্টোবৰ : ৫খন ৰাজ্যত চৰকাৰ গঠন কৰিব কংগ্ৰেছে । আমি নিশ্চিত যে সকলোকেইখন ৰাজ্যতে আমি জয়লাভ কৰিম । দেশত মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ বাবে বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে । বিজেপিয়ে যি প্ৰতিশ্ৰুতি দিছিল সেয়া এটাও পূৰণ হোৱা নাই । নিবনুৱা সমস্যা সমাধান, কৃষকৰ উপাৰ্জন দুগুণ কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে বিজেপিয়ে । কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিৰ ওপৰত গুৰুতৰ অভিযোগ, দলটোৱে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে(“Congress will form government in all 5 states” says Congress President Mallikarjun Kharge) ।

উল্লেখ্য যে, বুধবাৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে দেশৰ সবাতোকৈ পুৰণি দলটোৱে এইবাৰ পাঁচখন ৰাজ্যতে চৰকাৰ গঠন কৰিব । বিজেপিশাসিত মধ্যপ্ৰদেশত প্ৰতিষ্ঠানবিৰোধী ঢৌ আছে । কালাবুৰ্গীত এএনআইৰ সৈতে বাৰ্তালাপত খাৰ্গেয়ে কয় যে ছত্তীশগড় আৰু ৰাজস্থানৰ কংগ্ৰেছে সঠিকভাৱে কাম কৰি আছে আৰু তাৰ জনসাধাৰণে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাই(Assembly Elections 2023)।

পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন । নৱেম্বৰ মাহত তেলেংগানা, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড় আৰু মিজোৰামত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । ৭ নৱেম্বৰত মিজোৰাম আৰু ছত্তীশগড়, ৭ আৰু ১৭ নৱেম্বৰত মধ্যপ্ৰদেশ, ২৫ নৱেম্বৰত ৰাজস্থান আৰু ৩০ নৱেম্বৰত তেলেংগানাত নিৰ্বাচন অনুষ্ঠিত হ’ব । আনহাতে, ৰাজ্যকেইখনত ভোটগণনা ৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব ।”সমাগত নিৰ্বাচনৰ বাবে পাঁচখন ৰাজ্যতে নিৰ্বাচনৰ বাবে কংগ্ৰেছে ব্যাপক প্ৰস্তুতি চলাই আছে । আমি নিশ্চিত যে সকলোকেইখন ৰাজ্যতে আমি জয়লাভ কৰিম । বিজেপিৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌ আছে ।” তেওঁ লগতে কয় যে মধ্যপ্ৰদেশৰ জনসাধাৰণে শিৱৰাজ সিং চৌহান নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে । আনহাতে, কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে কেন্দ্ৰ শাসনাধিষ্ঠিত বিজেপিৰ ওপৰত অভিযোগ উত্থাপন কৰি কয় যে দলটোৱে কোনো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰা নাই(‘Congress will form govt in all 5 states’ says Congress President Mallikarjun Kharge) ।

লগতে কংগ্ৰেছ সভাপতি গৰাকীয়ে কয় যে, “বিজেপিয়ে যি প্ৰতিশ্ৰুতি দিছিল সেয়া এটাও পূৰণ কৰা নাই । নিবনুৱা সমস্যা সমাধান, কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ প্ৰতিশ্ৰুতিত ব্যৰ্থ হৈছে বিজেপি ।” নিজৰ গৃহ জিলা কৰ্ণাটকৰ কালাবুৰ্গী ভ্ৰমণৰ সময়ত খাৰ্গেয়ে অভিযোগ উত্থাপন কৰে যে শাসনাধিষ্ঠিত চৰকাৰখনে কৰ্ণাটকক অৱহেলা কৰিছে ।”কোনো কেন্দ্ৰীয় প্ৰকল্প (কৰ্ণাটকক) দিয়া হোৱা নাই ।”

উল্লেখ্য যে ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত কংগ্ৰেছ আৰু বিজেপি হৈছে মুখ্য প্ৰতিদ্বন্দ্বী । তেলেংগানাত শাসনাধিষ্ঠিত ভাৰত ৰাষ্ট্ৰ সমিতি, কংগ্ৰেছ আৰু বিজেপিৰ মাজত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব বুলি আশা কৰা হৈছে । মধ্যপ্ৰদেশ বিধানসভাত ২৩০ খন আসন আছে । ২০১৮ চনৰ নিৰ্বাচনত কংগ্ৰেছে ৪১.৫ শতাংশ ভোটৰ সৈতে ১১৪ খন আসন লাভ কৰিছিল আৰু বিজেপিয়ে ৪১.৬ শতাংশ ভোটৰ সৈতে ১০৯ খন আসন লাভ কৰিছিল ।

লগতে পঢ়ক : PM Modi visit Mizoram : ৩০ অক্টোবৰত মিজোৰাম লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী