Assembly elections: পুৱা ৭বজাৰ পৰা শান্তিপূৰ্ণভাৱে চলি আছে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ
নিউজ ডেস্ক,২০ নৱেম্বৰ : আজি পুৱা ৭বজাৰ পৰা শান্তিপূৰ্ণভাৱে চলি মহাৰাষ্ট্ৰ, ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ(Voting in Maharashtra,Jharkhand today)।
পুৱা ৭বজাৰ পৰা ১১.০০ বজালৈকে ঝাৰখণ্ডত ভোটদানৰ হাৰ হৈছে ৩১.৩৭শতাংশ আৰু মহাৰাষ্ট্ৰত পুৱা ১১.০০বজালৈকে ভোটদানৰ হাৰ হৈছে ১৮.১৪ শতাংশ।
উল্লেখ্য যে, পুৱা ৭-০০ বজাৰ ঝাৰখণ্ডত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ। মহাৰাষ্ট্ৰত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন।
ঝাৰখণ্ডত ৩৮টা সমষ্টিত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ। নিৰ্ণয় হ’ব বহু হাইপ্ৰ’ফাইল নেতাৰ ভাগ্য। পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব ভোটগ্ৰহণ। উত্তৰ প্ৰদেশৰ ৯ বিধানসভা সমষ্টিতো উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ। EVMত বন্দী হ’ব ৯০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য(Assembly elections)।
লগতে পঢ়ক:Excise Departments raids in Sonitpur: শোণিতপুৰত আবকাৰী বিভাগৰ অভিযান