Local, Vocal, Global

Assembly Election Results: চাৰি ৰাজ্যত ভোটগণনা, কোনে মাৰিব শেষ হাঁহি?

নিউজ ডেস্ক, ৩ ডিচেম্বৰ : আজি চাৰি ৰাজ্যত ভোটগণনা । ইতিমধ্যে আৰম্ভ হৈছে ভোটগণনা । মধ্য প্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। বিভিন্ন সংস্থাৰ EXIT POLLত দেখা গৈছে, চাৰিওখন ৰাজ্যতে চৰকাৰ সালসলনি হ’ব পাৰে(Assembly Election Results) ।

চাৰি ৰাজ্যত ভোটগণনা, কোন ৰাজ্যত কাৰ, কিমান আগ্ৰগতি?সবিশেষ

ৰাজস্থানতো আগবাঢ়িছে কংগ্ৰে
১১৯ খন আসনৰ ভোটগণনা হোৱা ৰাজস্থানত প্ৰথম এটা ঘণ্টাত কংগ্ৰেছ ৮০ খন আসনত আগবাঢ়ি আছে। বিজেপি আগবাঢ়ি আছে ১০৪ খন আসনত অন্যান্য আগবাঢ়ি আছে ১৫ খন আসনত।

তেলেংগানাত কংগ্ৰেছৰ অগ্ৰগতি
তেলেংগানাত ১১৯ খনৰ ভিতৰত কংগ্ৰেছ ৬৫ আসনত আগবাঢ়ি আছে। আনহাতে বি আৰ এছ ৪০ খন আসনত আগবাঢ়িছে। বিজেপি এই ৰাজ্যখনত আগবাঢ়ি আছে ৬ খন আসনত। অন্যান্য আগবাঢ়ি আছে ৭ খন আসনত।

মধ্যপ্ৰদেশত আগবাঢ়িছে কমল নাথ, শিৱৰাজ সিং চৌহান
ৰাজ্যখনত এই পৰ্যন্ত বিজেপিৰ প্ৰাৰ্থী প্ৰায় ১০০ খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ৭৫ গৰাকী প্ৰাৰ্থী আগবাঢ়ি আছে।

ছত্তিশগড়ত কংগ্ৰেছৰ অগ্ৰগতি
পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনা অনুসৰি ৰাজ্যখনত কংগ্ৰেছ প্ৰায় ৪৫ খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে বিজেপি ২৮ খন আসনত আগবাঢ়ি আছে।