Local, Vocal, Global

Legendary Assamese Singer Arun Das Passes Away : দৰদী কণ্ঠশিল্পী অৰুণ দাসৰ দেহাৱসান, আজি পুৱা ৪:৩৫ বজাত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ

নিউজ ডেস্ক, ৩ ডিচেম্বৰ : কণ্ঠশিল্পী অৰুণ দাস আৰু নাই । অসমীয়া সংগীতৰ জগত উকা কৰি গ’লগৈ কণ্ঠশিল্পী অৰুণ দাস।

দেওবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰিলে অসমৰ দৰদী কণ্ঠশিল্পী গৰাকীয়ে। ৯০ দশকৰ জনপ্ৰিয় শিল্পী অৰুণ দাসৰ আজি পুৱা ৪ বাজি ৩৫ মিনিটত দেহাৱসান ঘটে। তেওঁ অসমীয়া সংগীত জগতৰ নব্বৈৰ দশকৰ ‘লিজেণ্ড অৱ নাইন্টি’ আছিল(Legendary Assamese Singer Arun Das Passes Away)।

কণ্ঠশিল্পী গৰাকীৰ গানবোৰত দৰদ ভৰা অতীতৰ গোপন স্মৃতি প্ৰকাশ পাইছিল। তেওঁ এই পৃথিৱীৰ পৰা গুচি গ’ল যদিও দৰদ ভৰা প্ৰেমৰ আপদাৰে গোৱা সেই গীতবোৰ থাকি গ’ল, যি চিৰসেউজ হৈ ৰ’ব।

দীৰ্ঘদিনে শাৰীৰিক অসুস্থতাৰে যুঁজি অৱশেষত অচিন দেশলৈ যাত্ৰা কৰিলে জনপ্ৰিয় সংগীতশিল্পী অৰুণ দাসে।

যদিও তেওঁৰ গীতবোৰ আজিও জনপ্ৰিয়, কিন্তু তেওঁৰ যেন আদৰ আগৰ দৰে নোহোৱা হৈছিল। ভিৰৰ মাজত তেওঁ যেন ক’ৰবাত হেৰাই গ’ল।

তেওঁ গুৱাহাটীৰ এটা ভাড়াঘৰতে জীৱনৰ শেষ সময় পাৰ কৰিছিল। অৰুণ দাসে জীৱন সংগ্ৰামেৰে কঠোৰ সময় পাৰ কৰিলে, কিন্তু শেষ সময়লৈও যেন মানুহজনৰ জীৱন সংগ্ৰামৰ অন্ত নপৰিল। বেমাৰত প্ৰায় শয্যাশয়ী মানুহজনক তেওঁৰ কিছুমান অনুৰাগীয়ে সহায় কৰিছিল। তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈও নি চিকিৎসাৰ সুবিধা কৰিছিল(Legendary Assamese Singer Arun Das Passes Away)।

এইগৰাকী মহান শিল্পীৰ বিয়োগ অসমীয়া জাতিৰ বাবে অপূৰণীয় ক্ষতি।

লগতে পঢ়ক : Asom Divas 2023: আজি ২ ডিচেম্বৰ;সমগ্ৰ অসমবাসীয়ে আজি পালন কৰিব চুকাফা দিৱস