সাঁতোৰত অসমৰ শিৱাংগী শৰ্মাৰ সফলতা, আজুৰি আনিলে স্বৰ্ণ পদক
নিউজ ডেস্ক, ছেপ্তেম্বৰ : ৰাজ্যখনলৈ সুনাম কঢ়িবলৈ আনিবলৈ সক্ষম হৈছে আন এগৰাকী ক্ৰীড়াবিদে৷ গুৱাহাটীত অনুষ্ঠিত হৈ থকা সাঁতুৰ প্ৰতিযোগিতাত সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে শিৱাংগী শৰ্মাই৷
গুৱাহাটীত অনুষ্ঠিত হৈ থকা ৭৫তম ছিনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত ইতিহাস ৰচনা কৰি শিৱাংগী শৰ্মাই ১০০ মিটাৰ ফ্ৰীষ্টাইলত সোণৰ পদক অৰ্জন কৰিছে।
অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ সুখবৰ কঢ়িয়াই অনা শিৱাংগী শৰ্মাক বিভিন্ন ক্ৰীড়া সংগঠনে অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰিছে৷