Local, Vocal, Global

ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ ঘটনা দুৰ্ভাগ্যজনকঃ পলাশ চাংমাই

নিউজ ডেস্ক, ১০ ছেপ্তেম্বৰ : অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই ভিক্টৰৰ গ্ৰেপ্তাৰক তীব্ৰ সমালোচনা কৰিছে৷ এটা ফেচবুক পোষ্টত চংমাই কয় যে
অসম চৰকাৰে শেহতীয়া ভাৱে বিভিন্ন বিভাগত ২৬ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ পৰিতাপৰ বিষয় যে নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক অৱস্থাতে বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে বুলি অভিযোগ উত্থাপিত হৈছে৷ প্ৰকৃততে ভিক্টৰ দাস নামৰ যুৱক এজনে উক্ত ২৬ হাজাৰ পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছতে চাকৰিৰ বাবে দৰ-দাম আৰম্ভ হোৱা বুলি মুকলিকৈ সামাজিক মাধ্যম যোগে অভিযোগ উত্থাপন কৰিছিল৷ কিন্তু সম্প্ৰতি অসম আৰক্ষীয়ে অভিযোগকাৰী ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিছে৷ অন্যায়, অবিচাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ দিয়া অভিযোগকাৰীক ওলোটাই গ্ৰেপ্তাৰ কৰা কাৰ্য্য অতি দুৰ্ভাগ্যজনক৷ ভিক্টৰ দাসে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈকে কি পৰ্য্যায়ত তদন্ত কৰিছে সেয়া স্পষ্ট নহয়৷ আৰক্ষীৰ এনে কাৰ্য্যৰ ফলত অনাগত সময়ত অন্যায় অবিচাৰৰ বিৰুদ্ধে কোনেও প্ৰতিবাদ কৰিবলৈ অথবা অভিযোগ দিবলৈ সাহস নকৰিব৷ সেয়েহে প্ৰথমে আৰক্ষীয়ে ভিক্টৰ দাসে উত্থাপন কৰা অভিযোগৰ তদন্ত কৰি বিষয়টো ৰাজহুৱা কৰা উচিত বুলি আমি অনুভৱ কৰো৷ অভিযোগৰ সম্পূৰ্ণ তদন্ত নকৰাকৈ ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰা কাৰ্য্য আমি বিৰোধিতা কৰো৷