ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ পৰা ‘শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা’ গ্ৰহণ কৰিলে অসমৰ কৃতী শিক্ষয়ত্ৰী মীনাক্ষী গোস্বামীয়ে
নিউজ ডেস্ক, ৫ ছেপ্তেম্বৰ : শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগে প্ৰতি বছৰে দেশৰ শ্ৰেষ্ঠ শিক্ষকসকলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ বাবে শিক্ষক দিৱসত (৫ ছেপ্টেম্বৰ) ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক অনুষ্ঠানৰ আয়োজন কৰি আহিছে।
সোমবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে শিক্ষকসকলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে অসমৰ শোণিতপুৰ জিলাৰ চন্দ্ৰনাথ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মীনাক্ষী গোস্বামীক।
আজি শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতিয়ে ‘শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা ২০২২’ প্ৰদান কৰা সমগ্ৰ ভাৰতৰ ৪৬ জন শিক্ষকৰ ভিতৰত মীনাক্ষী গোস্বামী অন্যতম আছিল।
গোস্বামীক শিক্ষকতাৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছিল।