Local, Vocal, Global

ঝাৰখাণ্ডত বিফল অপাৰেচন ল’টাছ, জেএমএম-কংগ্ৰেছ মিত্ৰজোঁটক ৪৮ ভোট

নিউজ ডেস্ক, ৫ ছেপ্তেম্বৰ : ঝাৰখাণ্ডৰ কংগ্ৰেছ আৰু ঝাৰখাণ্ড মুক্তি মৰ্চাৰ চৰকাৰ সৌভাগ্যক্ৰমে ৰক্ষা পৰিল ৷ বিজেপিয়ে শাসকীয় কংগ্ৰেছ আৰু ঝাৰখাণ্ড মুক্তি মৰ্চাৰ বিধায়কক নিজ দললৈ আনি বক্ৰ পথেৰে ঝাৰখাণ্ডত চৰকাৰ গঠনৰ কুচকাৱাজ কৰিছিল যদিও অৱশেষত বিফল হয়৷ মহাৰাষ্ট্ৰৰ দৰেই ঝাৰখাণ্ডত চৰকাৰ গঠন কৰিবলৈ গৈ বিজেপিয়ে বেয়াকৈ মুখথেকেচা খালে৷ বিধানসভা চৌহদত আজি শাসকীয় কংগ্ৰেছ আৰু ঝাৰখাণ্ড মুক্তি মৰ্চাই শক্তি প্ৰদৰ্শন কৰি আস্থাভোটত অনায়াসে জয়ী হয়৷ শাসকীয় কংগ্ৰেছ আৰু ঝাৰখাণ্ড মুক্তি মৰ্চাই বিধায়কসকলক বিলাসী ৰিজৰ্টলৈ নিছিল৷ বিৰোধী ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ খন উৎখাত কৰিবলৈ প্ৰয়াস কৰা বুলি আশংকা কৰা হৈছিল।

জল্পনা-কল্পনাৰ অন্তত আজি হেমন্ত চোৰেন চৰকাৰে ঝাৰখণ্ড বিধানসভাৰ বিশেষ অধিৱেশনত বিৰোধীৰ হুলস্থূলৰ মাজতে আস্থা ভোটত অৱতীৰ্ণ হয়৷ হেমন্ত সোৰেন চৰকাৰে ৮১টাৰ ভিতৰত ৪৮টা ভোট লাভ কৰে। ভোটদানৰ সময়ত বিৰোধীয়ে ৱাকআউট কৰে। বিধানসভাক সম্বোধন কৰি সোৰেনে বিৰোধী বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত জিকিবলৈ সাম্প্ৰদায়িক সংঘৰ্ষৰে দেশত “গৃহযুদ্ধসদৃশ পৰিস্থিতি” সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে। সোৰেনে লগতে অভিযোগ কৰি কয় যে চৰকাৰখন পতন কৰিবলৈ “ঝাৰখণ্ডৰ বিধায়কসকলক ক্ৰয় কৰা হৈছিল”।

বিধানসভাত বিশেষ অধিবেশনৰ বিজেপিয়ে কয় যে জাল আমি পেলাইছো৷ এই বছৰতে সকলোকে বাহিৰলৈ উলিয়াই অনা হ’ব৷ এনেদৰে কৈ বিজেপিয়ে চৰকাৰ গঠনৰ বাবে কুচকাৱাজ চলাইছিল৷ মুঠতে কংগ্ৰেছ আৰু জেএমএম নেতৃত্বাধীন চৰকাৰ পতন কৰিবলৈ প্ৰয়াস কৰিছিল বিজেপিয়ে৷

আনহাতে, বিৰোধী বিজেপিয়ে কয় যে হেমন্ত সোৰেনক বিধায়ক হিচাপে অযোগ্য ঘোষণা কৰা উচিত। তেওঁ নিজকে খনিৰ লীজ দি নিৰ্বাচনী নিয়ম উলংঘা কৰিছে। দলটোৱে নতুনকৈ নিৰ্বাচনৰ আহ্বান জনাইছে আৰু মুখ্যমন্ত্ৰীক “নৈতিক ভিত্তিত” পদত্যাগ কৰিবলৈ দাবী জনাইছে।

ছত্তীশগড়ৰ ৰিজৰ্টত বাহৰ পাতি থকা ঝাৰখণ্ডৰ কংগ্ৰেছ-জেএমএমৰ কমেও ৩০ জন বিধায়কে দেওবাৰে বিশেষ বিধানসভা অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ বিশেষ বিমানেৰে ৰাঁচীত উপস্থিত হয়। ঝাৰখণ্ডৰ বিধায়কসকলে ৩০ আগষ্টৰ পৰা ৰায়পুৰৰ ৰিজৰ্টত বাহৰ পাতি আছিল। একে সময়তে, হেমন্ত সোৰেনে বিধায়কসকলৰ সৈতে এখন বৈঠকও অনুষ্ঠিত কৰিছিল।

ঝাৰখণ্ডৰ বিৰোধী ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী নিয়ম উলংঘাৰ গোচৰত মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত আবেদন দাখিল কৰিছিল। নিৰ্বাচন আয়োগে ২৫ আগষ্টত ৰাজ্যৰ ৰাজ্যপাল ৰমেশ বাইছলৈ সিদ্ধান্ত প্ৰেৰণ কৰিছে। ৰাজ্যপাল ৰমেশ বাইছে যিকোনো সময়তে ৰায় দিব পাৰে।

৮১ জনীয়া বিধানসভাত শাসকীয় মিত্ৰজোঁটৰ ৪৯ জন বিধায়ক আছে। বৃহত্তম দল জেএমএমৰ ৩০ জন, কংগ্ৰেছৰ ১৮ জন আৰু তেজস্বী যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলৰ এজন বিধায়ক আছে। প্ৰধান বিৰোধী বিজেপিৰ ২৬ জন বিধায়ক আছে। সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ৪১।