Local, Vocal, Global

নৰেন্দ্ৰ মোদীক সাক্ষাৎ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাৰ

নিউজ ডেস্ক, ৫ ছেপ্তেম্বৰ : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই সোমবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে আৰু স্বাস্থ্য, শিক্ষা, বাণিজ্য, আন্তঃগাঁথনি উন্নয়ন আৰু চলিত বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত আলোচনা কৰে।

বৈঠকৰ পিছত সাহাই টুইট কৰি কয় যে, “আজি নতুন দিল্লীত আদৰণীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ সৈতে সাক্ষাৎ কৰি আনন্দিত হৈছো। স্বাস্থ্য, শিক্ষা, বাণিজ্য, আন্তঃগাঁথনি উন্নয়ন আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চলি থকা বিভিন্ন আঁচনিসমূহৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে মাননীয় প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰা হৈছে,” ।

মুখ্যমন্ত্ৰীয়ে আন এটা টুইটত কয় যে, “মাননীয় প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাত সামগ্ৰিক উন্নয়নৰ বাবে কেন্দ্ৰৰ প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ আশ্বাস দিছিল। তেওঁৰ গতিশীল নেতৃত্ব, দৃষ্টিভংগী আৰু নিৰ্দেশনাৰ অধীনত আমি ত্ৰিপুৰাৰ জনসাধাৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ,” ।

সাহাই এই বছৰৰ ১৫ মে’ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।

২০২০ চনৰ ২৬ জুনত টাউন বৰদোৱালী আসনৰ পৰা উপ-নিৰ্বাচনত সাহা ত্ৰিপুৰাৰ বিধান সভালৈ নিৰ্বাচিত হয়।

পেছাত দন্ত চিকিৎসক, সাহাই কংগ্ৰেছ ত্যাগ কৰি আৰু ২০১৬ চনত বিজেপিত যোগদান কৰিছিল যাৰ পিছত তেওঁক ২০২০ চনত দলৰ ৰাজ্যিক সভাপতি হৈছিল।

ইফালে, ভাৰতীয় নিৰ্বাচন আয়োগে বিজেপি নেতা মানিক সাহাৰ দ্বাৰা খালী কৰা ৰাজ্যসভা আসনৰ উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে।

উপ-নিৰ্বাচন ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব।