মুম্বাইত উজ্বলিল অসমৰ জীয়ৰী
Mumbai Independent Film Festival ত উজ্বলিল অসমৰ জীয়ৰী। কাহিলীপাৰাৰ ৰাজু ডেকা আৰু বিনিতা ডেকাৰ জীয়ৰী জেশিকা ডেকাই মুম্বাইত গৈ অসমৰ বিহুক প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনে। লগতে National Icon খিতাপেৰেও বিভূষিত কৰে জেশিকাক। উক্ত অনুষ্ঠানটিত উপস্থিত আছিল ZEE TV ৰ কুমকুম ভাগ্যৰ Sarala Maa (Supriya Shukla), Pragya (Sriti Jha), Prachi (Mugdha), Shrishti (Anjum) আৰু বহুতো অভিনেতা অভিনেত্ৰীৰ লগতে পৰিচালক আৰু প্ৰযোজক সকল। এই ফিল্ম ফেষ্টিভেলৰ চিয়াৰমেন আছিল হাৰিল শুক্লা। ৭,৮ আৰু ৯ অক্টোবৰত মুম্বাইত অনুষ্ঠিত হৈছিল অনুষ্ঠানটি। এই সফলতাত সমগ্ৰ অসমবাসীয়ে গৌৰৱ অনুভৱ কৰিছে।
আজি গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আহি উপস্থিত হোৱাৰ লগে লগে অসমবাসীয়ে সম্বৰ্ধনা জনাই।