ৰে’লযোগে ড্ৰাগছ সৰবৰাহ, লামডিং ৰে’লৱে জংচনত গাঞ্জা জব্দ
নিউজ ডেস্ক: লামডিঙত পুনৰ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে আৰপিএফে৷ ৰে’লযোগে ড্ৰাগছ সৰবৰাহৰ সময়তে লামডিং ৰে’লৱে জংচনত নিষিদ্ধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় আৰপিএফে৷
নামনিমুৱা ১৫৯০৯ অৱধ আছাম এক্সপ্ৰেছইনৰ পৰা প্ৰায় ১৫ কেজিৰো অধিক গাজা জব্দ হয়। ট্ৰেইখনৰ এ-১ ডবাৰ ৪ নম্বৰ আসনৰ তলৰ দুটা পৰিতক্ত বেগৰ প্ৰায় ২ লাখ টকাৰ গাঞ্জাখিনি উদ্ধাৰ কৰে৷
এই সন্দৰ্ভত আৰপিএফে সন্দেহৰ ভিত্তিত তিনিজন ব্যক্তিক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে৷ এতিয়া ভাৰতীয় ৰেলযোগে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ সহজ হৈ পৰিছে৷