Local, Vocal, Global

Guwahati teen music prodigy joins London : World’s Great Conservatoiresত অধ্যয়নৰ সুযোগ লাভ কৰিলে অসমৰ সন্তানে

ইন্টাৰনেশ্যনেল ডেস্ক, ২৪আগষ্ট : লণ্ডনত উজলিল অসম সন্তান । World’s Great Conservatoiresত অধ্যয়নৰ সুযোগ লাভ কৰিলে গুৱাহাটীৰ জ্ঞান ভূঞাই ।

গুৱাহাটীৰ Teen Music Prodigyৰ লগত জড়িত হৈ লণ্ডনৰ অভিজাত ৰয়েল কলেজ অফ্ মিউজিকত যোগদান কৰিবলৈ সক্ষম হৈছে অসম সন্তান জ্ঞান ভূঞাই। খুব কম ছাত্ৰ-ছাত্ৰীক ভাৰতীয় সংগীত পৰম্পৰাৰ প্ৰতি আগ্ৰহী থকা দেখা যায়। কিন্তু তাৰে বিপৰীতে গুৱাহাটীৰ এটা সাংস্কৃতিক পৰিয়ালৰ পৰা অহা ১৯ বছৰীয়া জ্ঞান ভূঞাই ভাৰতীয় সংগীত পৰম্পৰাৰ বিৰল ছাত্ৰৰ ভিতৰত অন্যতম হৈ পৰিছে। জ্ঞান ভূঞাই গুৱাহাটীৰ এখন ব্যক্তিগত বিদ্যালয়ত দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰি বৰ্তমান আৰচিএমত যোগদান কৰে(Guwahati teen music prodigy joins London Royal College of Music) ।

বৰ্তমান মেধাৱী বেৰিটন কণ্ঠস্বৰ থকা পশ্চিমীয়া শাস্ত্ৰীয় গায়ক জ্ঞানে আৰচিএমত সংগীতক মূল বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী কৰি আছে(Assamese musician joins London Royal College of Music)।

আৰচিএমত প্ৰৱেশৰ বিষয়ে কোৱাৰ সময়ত ভূঞাই ৰাছিয়ান-আমেৰিকান চেলিষ্ট গ্ৰেগৰ পিয়াটিগ’ৰ্স্কিৰ কথা উল্লেখ কৰি কয় ”সংগীতক কোনেও পেছা হিচাপে বাছি ল’ব নোৱাৰে”।”সংগীতেহে আপোনাক বাছে”

ইয়াৰোপৰি পুত্ৰৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰি জ্ঞান ভূঞাৰ পিতৃ নাট্যকাৰ ডিকম ভূঞাই উল্লেখ কৰে যে মাতৃক দেখি দেখি সাত বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিল জ্ঞান ভূঞাই । সংগীত তাৰ তেজত আছে। এতিয়া সংগীতেই তাৰ হৈ পৰিছে জীৱন(Guwahati teen music prodigy joins London Royal College of Music) ।

লগতে পঢ়ক :Joe Biden to visit India : ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেন; তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান