Seema Deo Passes Away: হিন্দী আৰু মাৰাঠী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী সীমা দেওৰ দেহাৱসান
এন্টাৰটেনমেন্ট, ২৪আগষ্ট : জনপ্ৰিয় অভিনেত্ৰী সীমা দেও আৰু নাই(Seema Deo Passes Away) । বৃহস্পতিবাৰে মাৰাঠী চিনেমাৰ কিংবদন্তি তথা হিন্দী চলচ্চিত্ৰ অভিনেতা সীমা দেওৰ দেহাৱসান । ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে(Actor Seema Deo dies at 83) ।
২৪ আগষ্টৰ পুৱতি নিশা এই পৃথিৱীৰ পৰা বিদায় লয় জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ৷ জানিব পৰা মতে, বহুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল অভিনেত্ৰীগৰাকীয়ে । লগতে এলঝেইমাৰ ৰোগতো ভুগি আছিল সীমা দেও(Anand star Seema Deo passes away at 83) ৷
সীমা দেওৰ প্ৰকৃত নাম আছিল নলিনী চাৰাফ । অভিনেতা ৰমেশ দেওৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সীমা দেও । ৰমেশ দেওৱে জড়িত আছিল অভিনয়ৰ ক্ষেত্ৰখনৰ লগত । বহু ছবি আৰু টিভি ধাৰাবাহিকতো কাম কৰিছিল ৰমেশ দেওৰে । ২০২২ চনৰ ২ ফেব্ৰুৱাৰীত অভিনেতা ৰমেশ দেওৰ হৃদৰোগত আক্ৰান্ত হৈ ৯৩বয়সত মৃত্যু হয় । স্বামীৰ মৃত্যুৰ পিছতে পুত্ৰ অভিনয়ৰ সৈতে বান্দ্ৰাত বাস কৰিবলৈ লৈছিল সীমা দেওৱে ।
উল্লেখ্য যে , সীমা দেও ‘আনন্দ’ ছবিখনত অমিতাভৰ বৌৱেকৰ চৰিত্ৰত অভিনয় কৰিছিল ।আৰু স্বামী আনন্দত ৰমেশ দেওৱে অমিতাভ বচ্চনৰ বন্ধু ড৹ প্ৰকাশ কুলকাৰ্ণীৰ চৰিত্ৰত অভিনয় কৰিছিল । সেই ছবিখনত সীমা দেওৱে পত্নীৰ চৰিত্ৰত অভিনয় কৰিছিল ৰমেশ দেওৰিৰ সৈতে । অমিতাভ বচ্চনে ছবিখনত তেওঁক ভাবী বুলি মাতিছিল ।
৮০ খনতকৈও অধিক হিন্দী আৰু মাৰাঠী ভাষাৰ ছবিত কাম কৰিছিল সীমাই । তেওঁ ১৯৬০ চনত ‘মিয়া বিৱি ৰাজা’ ছবিৰ জৰিয়তে অভিনয় জীৱনত পাতনি মেলিছিল । ইয়াৰ পিছত তেওঁ ‘দশ লাখ’,‘ভাবী কি চূৰীয়া’, ‘কোশীষ’, ‘সংসাৰা’,‘কোৰা কাগজ’,আৰু ‘সুনহাৰা সংসাৰ’, ‘সৰস্বতীচন্দ্ৰ’ আদি ছবিত অভিনয় কৰে ।
পুত্ৰ অভিনয়ে জনাই যে, “আজি মাৰ মৃত্যু হৈছে। মা এলঝেইমাৰ ৰোগত আক্ৰান্ত আছিল, কিন্তু মাৰ স্বাস্থ্য অন্যথা ভালেই আছিল।”আমি সকলোৱে মাৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিছো।” আৰু মাৰ মংগলৰ বাবে মাৰ অনুৰাগী সকলে প্ৰাৰ্থনা কৰিছে।”