সেউজীয়া চাহপাতত সপোন ৰচনা কৰা লোকসকলৰ বাবে সুখবৰ

সেউজীয়া চাহপাতত সপোন ৰচনা কৰা লোকসকলৰ বাবে সুখবৰ৷ ৰাজ্য চৰকাৰে চাহ উদ্যোগলৈ প্ৰদান কৰিছে বিশেষ সুবিধা৷ ৰাজ্য চৰকাৰে ২০০ কোটি ব্যয়ৰে চাহ উদ্যোগলৈ বিশেষ সাহাৰ্য্য ঘোষণা কৰিছে৷ ৰাজ্যৰ চাহ খেতিয়ক তথা চাহ উদ্যোগৰ কৰ্মচাৰীসকললৈ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে জনতা ভৱনত আয়োজন কৰা সংবাদমেলত বহুতো গুৰুত্বপূৰ্ণ ঘোষণা কৰে৷ কমাৰ্চিয়েল বেংকৰ পৰা WORKING CAPITEL ঋণ লোৱা লোকসকলক ৩ শতাংশ সুত ৰাজ্য চৰকাৰৰ পৰা প্ৰদান কৰিব৷ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি কেজি অৰ্থদকচ চাহত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৭ টকাকৈ ৰাজ সাহাৰ্য্য প্ৰদান কৰিব৷ উল্লেখ্য যে অসম চাহ নিগমে ৩ শতাংশকৈ ৰাজ সাহায্য প্ৰদান কৰি আহিছে৷ মন্ত্ৰী গৰাকীয়ে লগতে ঘোষণা কৰে যে নতুন যন্ত্ৰ ক্ৰয় কৰি অৰ্থদকচ চাহৰ উদ্যোগ স্থাপন কৰিলে ২৫ শতাংশ চৰকাৰৰ পৰা ৰাজ সাহাৰ্য্য প্ৰদান কৰিব৷ অহা ৩ বছৰলৈ চাহ বাগিচাসমূহে কোনো ধৰণৰ কৃষি আয়কৰ দিব নালাগে৷