Local, Vocal, Global

‘ক’ভিডৰ কথা বাদ দিয়া!’ নেতা হৈয়ে পাহৰিলে প্ৰশাসনৰ নীতি-নিয়ম

ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে এক অকল্পনীয় দিন। একেদিনাই ৰাজনীতিৰ বসন পিন্ধিলে তিনি কুৰিৰো অধিক সাংস্কৃতিককৰ্মীয়ে। অভিনেতা-অভিনেত্ৰীৰ পৰাই গায়ক-গায়িকাকে প্ৰমুখ্য কৰি  একাধিক সাংস্কৃতিককৰ্মীয়ে পিন্ধিলে ৰাজনীতিৰ মুখা। কোনোয়ে যদি পিন্ধিলে গেৰুৱা বসন কোনোয়ে আকৌ পিন্ধিলে কংগ্ৰেছৰ টুপী। মুঠতে যিয়ে যেনেকৈ পাৰিছে তেনেকী খোজ পেলাইছে ৰাজনীতিৰ পথাৰত।

কিন্তু ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ সময়তে ভৰিৰে মোহাৰিলে প্ৰশাসনৰ নীতি-নিয়ম। কৰ’নাৰ ভয়ৱহতাৰ বাবে দেশত কেন্দ্ৰীয় চৰকাৰ কিম্বা অসম চৰকাৰে বান্ধি দিছিল কেতবোৰ নীতি-নিয়ম। প্ৰশাসনৰ নীতি-নিয়ম অনুসৰি ৰাজনৈতিক দলৰ সভা-সমিতি, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে একেস্থানত উপস্থিত থাকিব নোৱাৰিব ৫০ৰো অধিক লোক। লগতে মানি চলিব লাগিব সামাজিক দূৰত্ব। কিন্তু ক’ভিড প্ৰট’কল ভৰিৰে মোহাৰি এদিনৰ বাবে কৰ’নামুক্ত অঞ্চললৈ পৰিণত হ’ল হেঙেৰাবাৰী আৰু দিছপুৰ।

সামাজিক দূৰত্ব ধোৱাচাঙত উঠাই ডিঙিৰ শিৰ ফুলাই কোনোৱাই যদি গালে গীত, কোনোৱাই আকৌ ডিঙিত ল’লে ফুলাম গামোছা। মুঠতে এদিনৰ বাবে হ’লেও কৰ’নামুক্ত স্থানলৈ পৰিণত হ’ল মহানগৰীৰ দুই বিশেষ স্থান।

সাংস্কৃতিককৰ্মীৰ এনে আচৰণে হতচকিত কৰি তুলিছে ৰাজ্যৰ সচেতন মহলৰ লগতে একাংশ ৰাইজৰ মাজত। দেশত কৰ’নাৰ ভয়াৱহতাৰ বাবে বৰ্তমানে দুখৰ ডাৱৰ আঁতৰ হোৱা নাই সৰ্বসাধাৰণ ৰাইজৰ মাজৰ পৰা। তেনেস্থলত ৰাজনৈতিক সভা অনুষ্ঠিত কৰি একাংশ সাংস্কৃতিককৰ্মীক দলত যোগদান কৰোৱা কাৰ্যত চকু কপালত উঠিছে সচেতন মহলৰ। দেশ তথা ৰাজ্যত চলি থকা এই ভয়াৱহ পৰিস্থিতিৰ সময়তো ৰাজনৈতিক সভা অনুষ্ঠিত কৰাটো কিমান যুক্তিসংগত, তাকে লৈ প্ৰ‍শ্ন উত্থাপনৰ লগকে সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া৷