কৰ’নাৰ সংকটৰ মাজতেই ৰাজ্যৰ বজাৰত মূল্যবৃদ্ধিৰ জুই
কৰ’নাৰ সংকটৰ মাজতেই বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধি৷ মিঠাতেল, কণীৰ লগতে আলু-পিঁয়াজৰ মূল্যবৃ্দ্ধিয়ে গ্ৰাহকক চৰম বিপদত পেলাইছে৷ মহামাৰী কৰ’নাক প্ৰতিৰোধ কৰিবৰ বাবে প্ৰযোজ্য কৰা লকডাউনৰ সময়ত ব্যৱসায়-বাণিজ্য অৰ্থনৈতিকভাৱে গভীৰ সংকটত পৰিছিল৷ লকডাউন শিথিল হৈছে যদিও বৰ্তমানলৈ ঘূৰি অহা নাই কোনো-কোনো ক্ষেত্ৰত স্বাভাৱিক পৰিস্থিতি৷
লকডাউনৰ সময়তে গভীৰ সংকটত পৰিছিল উদ্যোগ-ব্যৱসায়-বাণিজ্য৷ ইয়াৰ পিছতে এতিয়া মিঠাতেল, কণীৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যই গ্ৰাহকক বিপদৰ ফালে ঠেলি দিছে৷ সম্প্ৰতি বজাৰত ১৪৫ টকাত বিক্ৰী হোৱা মিঠাতেলৰ মূল্য ১৫৮ টকা হৈছে৷ কিন্তু ব্যৱসায়ীসকলে জনোৱা অনুসৰি অনাগত সময়ত এই মিঠাতেলৰ মূল্য ১৭০ টকা হ’ব৷ আনহাতে ১৪২ টকাত বিক্ৰী হোৱা মিঠাতেলৰ মূল্য ১৫০ টকালৈ বৃদ্ধি পাইছে৷ এনেদৰে প্ৰায়বোৰ মিঠাতেলৰ মূল্য ৮-১০ টকাপৰ্যন্ত বৃদ্ধি পাইছে৷
গ্ৰাহকক মাধমাৰ শোধাই ৯০০ টকাত বিক্ৰী কৰা কণীৰ মূল্য ১,১৪০ টকা হৈছেগৈ৷ বৰ্তমান মহানগৰীৰ বজাৰত প্ৰতি প্লেট কণীৰ মূল্য ১৭০-১৮০ টকাপৰ্যন্ত হৈছে৷ সমান্তৰালকৈ আলু-পিঁয়াজৰ মূল্যবৃদ্ধিয়েও গ্ৰাহকক মাধমাৰ শোধাইছে৷ খুচুৰা বজাৰত প্ৰতিকেজি পিঁয়াজৰ মূল্য ৫০ টকাপৰ্যন্ত হৈছেগৈ৷ খুচুৰা ব্যৱসায়ীয়ে জানিবলৈ দিয়া অনুসৰি নাইনিটাল আৰু আগ্ৰা আলু কুইণ্টলত ৩৪০০ৰ পৰা ৩৫০০ টকালৈ কিনিব লগা হৈছে৷
লকডাউন, কৰ’নাই জনতাক মাধমাৰ শোধোৱাৰ পিছতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাজ্যৰ জনসাধাৰণক মাধমাৰ শোধাইছে৷