Local, Vocal, Global

মেছি নে ৰ’নাল্ডাে! বিশ্বৰ সবাতােকৈ চহকী ফুটবলাৰজন কোন?

বর্তমান বিশ্বৰ সবাতােকৈ চহকী ফুটবলাৰজন কোন? আর্জেন্টিনাৰ লিঅ’নেল মেছি নে পর্তুগাল ক্রিস্তিয়ানাে ৰ’নাল্ডাে ?

প্রখ্যাত আলােচনী ফ’বছে প্রস্তুত কৰা চলিত বৰ্ষৰ বিশ্বৰ চহকী ফুটবলাৰৰ তালিকাৰ শীর্ষস্থানত ৩৩ বছৰীয়া মেছি। ক্রমাগত দ্বিতীয় বছৰ এই তালিকাৰ শীর্ষস্থানত আছে আর্জেন্টিনাৰ তাৰকা ফুটবলাৰ মেছি। পাৰিশ্ৰমিক আৰু এণ্ডোৰ্ছমেন্ট মিলাই ২০২০ বৰ্ষত মেছিৰ উপার্জন ১২৬ মিলিয়ন মার্কিন ডলাৰ (ভাৰতীয় মুল্যত প্রায় ৯২৪ কোটি টকা)। বৰ্তমান কঠিন সময়ৰ বাবে অৱশ্যে, যােৱা বছৰৰ তুলনাত এইবাৰ মেছিৰ উপার্জন হ্রাস পাইছে ৭কোটি টকা। ১১৭ মিলিয়ন ডলাৰেৰে (প্রায় ৮৫৮ কোটি টকা) দ্বিতীয় স্থানত আছে পর্তুগাল ক্রিষ্টিয়ানাে ৰ’নাল্ডাে। যােৱা বছৰৰ তুলনাত ৰ’নাল্ডােৰ উপার্জন ৫৯ কোটি টকা বৃদ্ধি পাইছে। মেছিৰ দৰেই যােৱা বছৰৰ তুলনাত ব্রাজিলৰ নেইমাৰৰ উপার্জন ৬৬ কোটি হ্রাস পাইছে। ৯৬ মিলিয়ন ডলাৰেৰে (প্রায় ৭০৪ কোটি টকা) তেওঁ তৃতীয় স্থানত আছে।

উল্লেখ্য, যােৱা বছৰৰ সবাতােকৈ চহকী ফুটবলাৰৰ তালিকাৰ শীৰ্ষৰ তিনিটা স্থানত আছিল মেছি, ৰনাল্ডাে আৰু নেইমাৰ। যােৱাবাৰ সপ্তম স্থানত থকা ফ্রান্সৰ কিলিয়ান এমবাপে এইবাৰ উন্নীত হৈছে চতুর্থ স্থানলৈ। তেওঁৰ উপার্জন ৪২ মিলিয়ন মার্কিন ডলাৰ (প্রায় ৩০৮ কোটি ডলাৰ)। যােৱা বছৰতকৈ তেওঁৰ উপার্জন বৃদ্ধি পাইছে ৮৮ কোটি টকা। ৩৭ মিলিয়ন ডলাৰেৰে (প্রায় ২৭১ কোটি টকা) সাতটা স্থানৰ উত্তৰণ ঘটাই পঞ্চমলৈ উন্নীত হৈছে গ্ৰীচৰ মহম্মদ ছালাহ। তালিকাৰ ষষ্ঠৰ পৰা দশম স্থানত আছে ক্রমে ফ্ৰান্সৰ পল পগবা (৩৪ মিলিয়ন ডলাৰ), এন্টইন গ্রীজমেন (৩৩ মিলিয়ন ডলাৰ), গাৰেথ বেল (২৯ মিলিয়ন ডলাৰ), পােলেণ্ডৰ ৰবার্ট লেবানডস্কি (২৮ মিলিয়ন ডলাৰ) আৰু স্পেইনৰ ডেভিদ ডে গিয়া (২৭ মিলিয়ন ডলাৰ)।