Local, Vocal, Global

ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ তাণ্ডৱ

ৰাজ্যৰ ভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত চলি থকাৰ সময়তে বোকাখাতৰ বৰচাপৰি বাগিচাত বন্যহস্তীৰ তাণ্ডৱ। পুৱতি নিশা বোকাখাতৰ বৰচাপৰি বাগিচাৰ শ্ৰমিকৰ ১০টা বাসগৃহ বন্যহস্তীয়ে ভাঙি তচনচ কৰে। কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে চলিত মাহত ৪০টাতকৈও অধিক ঘৰ ক্ষতিসাধন কৰিছে। নুমলীগড় খণ্ড বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বাগিচাখনত প্ৰতিদিনে হাতীয়ে উপদ্ৰৱ চলাই আহিছে যদিও বন বিভাগে গ্ৰহণ নকৰে কোনো পদক্ষেপ। স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত বিভাগীয় কৰ্তৃপক্ষ। মঙলবাৰে ৰাতি বাগিচাখনৰ বহু লোকৰ টিভি, ফ্ৰীজ,পকী বেৰ, বাসগৃহ ভাঙি চুৰমাৰ কৰে বন্যহস্তীৰ জাকে। বাগিচাখনৰ লোকে আজিলৈকে কোনো ক্ষতিপূৰণ লাভ নকৰাৰ অভিযোগ একাংশৰ৷