Local, Vocal, Global

ভাৰতীয় বায়ুসেনাৰ ৮৮সংখ্যক প্ৰতিষ্ঠা দিৱস

আজি ৮ অক্টোৱৰ। ভাৰতীয় বায়ুসেনাৰ প্ৰতিষ্ঠা দিৱস। ১৯৩২ চনত প্ৰতিষ্ঠা হৈছিল ভাৰতীয় বায়ুসেনাৰ। ১৯৩৩ চনৰ ১ এপ্ৰিলত প্ৰথমবাৰলৈ আকাশত উৰিছিল বায়ুসেনাৰ বিমান। দেশভক্তি, বীৰত্ব আৰু সাহসৰ প্ৰতীক ভাৰতীয় বায়ুসেনাই পালন কৰিছে ৮৮সংখ্যক প্ৰতিষ্ঠা দিৱস।গাজিয়াবাদৰ হিণ্ডন এয়াৰবেছ  অনুষ্ঠিত হৈছিল বিশেষ কাৰ্যসূচী, য’ত অংশ লৈছিল বায়ুসেনাৰ বহুকেইজন উচ্চ-পদস্থ বিষয়াই।  ভাৰতীয় বায়ুসেনাৰ  নতুন সংযোজন ৰাফেলৰ কুছ-কাৱাজো প্ৰদৰ্শিত হয় এই কাৰ্যসূচীত। এয়া ভাৰতীয় বায়ুসেনাৰ বাবে গৌৰৱৰ দিন।