ৰাজ্যত ভয়ংকৰ হৈ পৰিছে কৰ’না পৰিস্থিতি
ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা। বিগত ২৪ ঘন্টাত ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত ২,২৪৩ গৰাকী। উল্লেখযোগ্য যে বুধবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২,২৬৫গৰাকী ৰোগীয়ে। ইয়াৰ বিপৰীতে মৃত্যু হয় ১৮ গৰাকীকৈ লোক।
নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৬৪১ গৰাকী কামৰূপ মহানগৰৰ, ১৭০গৰাকী ডিব্ৰুগড়ৰ,১৪০ গৰাকী যোৰহাটৰ আৰু ১০৬ গৰাকী লখিমপুৰৰ।
ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৩৩হাজাৰ ৫০৪ গৰাকী, সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯,১৬৩ গৰাকী। বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৩হাজাৰ৫০৪ গৰাকী ৰোগী। ইয়াৰ বিপৰীতে ৰাজ্যত মৃত্যু হৈছে ৩৯৬ গৰাকী লোকৰ।
বুধবাৰৰ দিনটোৰ ৰাজ্যৰ স্বাস্থ্য বিভাগে ৩১,৫৬২ গৰাকীকৈ লোকৰ স্বোৱাব পৰীক্ষাৰ কৰে। আৰু বুধবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৭.১০ শতাংশ।