Local, Vocal, Global

জেপত আছে ধন, কৰ’নালৈ নাই ভয়

সমগ্ৰ দেশজুৰি অব্যাহত আছে কৰ’নাৰ ভয়াৱহতা। মহানগৰী গুৱাহাটীতো প্ৰতিদিনে বৃদ্ধি পায় আছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা। কিন্তু তথাপিটো একাংশই কৰ’নাক কৰি আছে অ’পেন চেলেঞ্জ। শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকক জৰিমনা নিৰ্দেশ প্ৰদানৰ পিছতে তত্‍পৰ হৈ পৰিছে মহানগৰ আৰক্ষী।

৩০ আগষ্টৰ পৰা ৪ ছেপ্তেম্বৰলৈকে ক’ভিড প্ৰট’কল উলংঘাকাৰীৰ পৰাই ১২ লাখ ৫০ হাজাৰ ৫০০ টকাৰ জৰিমনা সংগ্ৰহ কৰে মহানগৰ আৰক্ষীয়ে। কেৱল মাস্ক পৰিধান নকৰা লোকৰ পৰাই সংগ্ৰহ কৰিছে ৮০ হাজাৰ টকা। সমগ্ৰ ৰাজ্যতে  আৰক্ষীয়ে প্ৰায় ৩০ লক্ষাধিক জৰিমনা সংগ্ৰহ কৰে৷ ক’ভিড প্ৰট’কল উলংঘা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে ২০৩ জনকৈ লোক আৰু ৰুজু হৈছে ৬৬টা গোচৰ।