ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা

- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ২০৯১ গৰাকী
- বৃহস্পতিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২৪৩২ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ১১ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰৰ ৪৫২ গৰাকী ৰোগী কামৰূপ(ম)ৰ, ১৯১ গৰাকী যোৰহাটৰ, ১২৭গৰাকী গোলাঘাটৰ, ১৩৬গৰাকী ডিব্ৰুগড়ৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৬৫ হাজাৰ ৫৮২গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯৮৩০ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৩৫ হাজাৰ ১৪১ ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৬০৮ গৰাকী লোকৰ