ডিমৰীয়া মহাবিদ্যালয়ত কৰ’না আতংক, মহাবিদ্যালয়ৰ ২১ গৰাকীকৈ ব্যক্তি COVID+

মহানগৰীৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক/অধ্যাপিকাসহ ২১ গৰাকীৰ শৰীৰত কভিড১৯ অৱস্থিতি ধৰা পৰাত এক ভয়াৱহ পৰিৱেশে বিৰাজ কৰিছে। ২৩ ছেপ্তম্বৰ তাৰিখে মহাবিদ্যালয় খনৰ ৬৮ গৰাকীৰ কভিড১৯ৰ টেষ্ট কৰিছিল আৰু ইয়াৰ পাছত অহা ফলাফলত ২১ গৰাকীৰ শৰীৰত কভিড ১৯ৰ অৱস্থিতি ধৰা পৰে। উল্লেখ্য মহাবিদ্যালয়খনৰ কেণ্টিনৰ ২গৰাকী কৰ্মচাৰীৰ শৰীৰতো কভিডৰ অৱস্থিতি ধৰা পৰিছে। ফলত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
আনহাতে চলিত সপ্তাহৰ ভিতৰতে ৬ষ্ঠ ষান্মসিকৰ পৰীক্ষা আৰম্ভ হোৱাৰ কথা। এই ক্ষেত্ৰত বিভাগীয়ভাৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও সচেতন মহলে ব্যক্ত কৰিছে। উল্লেখ্য মহাবিদ্যালয়খনৰ সৈতে জড়িত ২১গৰাকী লোকৰ মাজত কৰ’না সংক্ৰমণ ঘটাতত জিলা প্ৰশাসনে মহাবিদ্যালয়খন তিনি দিনৰ বাবে কণ্টেমেইন্ট জ’ন হিচাপে ঘোষণা কৰিছে।