Local, Vocal, Global

ৰাজ্যত কাল কৰ’নাৰ ভয়ংকৰ ৰূপ

ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা। বিগত ২৪ ঘন্টাত ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত ২,১৩২ গৰাকী। উল্লেখযোগ্য যে শনিবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২,৫৫৩গৰাকী ৰোগীয়ে। ইয়াৰ বিপৰীতে মৃত্যু হয় ২৩ গৰাকীকৈ লোক।
নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৫৬২গৰাকী কামৰূপ মহানগৰৰ, ১৩৪গৰাকী ডিব্ৰুগড়ৰ আৰু ১৫৬গৰাকী যোৰহাটৰ।

ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৪০হাজাৰ ৪৭১গৰাকী, সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯,১৩৩গৰাকী। বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ১০হাজাৰ ৮৮২গৰাকী ৰোগী। ইয়াৰ বিপৰীতে ৰাজ্যত মৃত্যু হৈছে ৪৫৩গৰাকী লোকৰ।
শনিবাৰৰ দিনটোত ৰাজ্যৰ স্বাস্থ্য বিভাগে ৩১,২৫৩ গৰাকীকৈ লোকৰ স্বোৱাব পৰীক্ষাৰ কৰে। আৰু শুকুৰবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৬.৮২ শতাংশ।